অসম

assam

By

Published : Aug 16, 2020, 1:34 PM IST

ETV Bharat / bharat

আমেৰিকাত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ সৈতে জড়িত দুই যুৱকক আটক

সুদিক্ষা পিতৃ জিতেন্দ্ৰ ভাটীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, সুদিক্ষাক খুৰাকৰ সৈতে গৈ থকা সময়তেই বাইকেৰে অনুসৰণ কৰা দুই যুৱকে পিছৰ পৰা ধৰি ৰাখিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোত ৰেজিষ্টাৰ হৈ থকা 10,000 তকৈও অধিক বুলেট মটৰচাইকেলৰ ওপৰত তালাচী চলায় ৷

UP police arrests two in US student's accident case
আমেৰিকাত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ সৈতে জড়িত দুই যুৱকক আটক

নেশ্যনেল ডেক্স,16 আগষ্টঃ সুদিক্ষা ভাটীৰ পথ দুৰ্ঘটনাৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ আৰক্ষী ৷ বিগত 10 আগষ্টত ইভ টিজিঙৰ সন্মুখীন হৈ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱতি লৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়নৰত সুদিক্ষা ভাটীয়ে ৷

সুদিক্ষাৰ পিতৃ জিতেন্দ্ৰ ভাটীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি সুদিক্ষাক খুৰাকৰ সৈতে গৈ থকা সময়তেই বাইকেৰে অনুসৰণ কৰা দুই যুৱকে পিছৰ পৰা ধৰি ৰাখিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোত ৰেজিষ্টাৰ হৈ থকা 10,000তকৈও অধিক বুলেট মটৰচাইকেলৰ ওপৰত তালাচী চলায় ৷ আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিছত অঞ্চটোত এখন মটৰচাইকেল মেৰামতি কৰাৰ উপৰিও ৰং কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে ৷

আনহাতে, আৰক্ষীয়ে আটক কৰা যুৱক দুজনে সুদিক্ষাক পিছৰ পৰা ধৰি ৰখাৰ কথাক অমান্য কৰি কয় যে, বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ বাবেহে দুৰ্ঘটনাটো সংঘটিত হয় ৷ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ সিঙে ঘটনাৰ তথ্য অতিশীঘ্ৰে মুকলি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে ৷ কিন্তু এইয়া ইভ টিজিঙৰ ঘটনা নহয় বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক-দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ABOUT THE AUTHOR

...view details