অসম

assam

ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত হোৱাৰ সন্দেহত আত্মহত্যা এজনৰ - কোৱাৰেনটাইন

উত্তৰ-প্ৰদেশত আত্মহত্যা এজন ৩৫ বছৰীয়া ব্যক্তিৰ । কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত আত্মহত্যা কৰে ব্যক্তিজনে ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ আত্মহত্যা

By

Published : Apr 6, 2020, 6:16 PM IST

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ উত্তৰ প্ৰদেশত এজন ৩৫ বছৰীয়া ব্যক্তিৰ আত্মহত্যা । বিগত কিছুদিন ধৰি কাঁহ আৰু চৰ্দীৰ বাবে নিজক কোৱাৰেনটাইন কৰি ৰখা ব্যক্তিজনে সোমবাৰে আত্মহত্যা কৰে । আৰক্ষী বিষয়াৰ মন্তব্য অনুসৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ভয়তে উত্তৰ প্ৰদেশৰ জমালপুৰ গাঁৱৰ ৰাজেন্দ্ৰ সিং নামৰ ৩৫ বছৰীয়া ব্যক্তিজনে আত্মহত্যা কৰে । শহুৰেকৰ ঘৰত থকা অৱস্থাতেই আত্মহত্যা কৰে ৰাজেন্দ্ৰই ।

ৰাজেন্দ্ৰৰ আত্মীয়ৰ ভাষ্য অনুসৰি, বিগত কিছুদিন ধৰি ৰাজেন্দ্ৰই কাঁহ আৰু চৰ্দী হৈ থকা বাবেই নিজক এটা কোঠাত আৱদ্ধ কৰি ৰাখিছিল । আৰু তেতিয়াই গাঁৱৰ লোক সকলে ৰাজেন্দ্ৰ COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহ কৰে । যাৰ পৰিপ্ৰেক্ষিততে আত্মহত্যা কৰা বুলি সন্দেহ কৰে এজন আৰক্ষী বিষয়াই ।

আনহাতে, জিলাখনৰ চিকিৎসক ড০ সন্তোষ কুমাৰে কয়, আত্মহত্যা কৰা ৰাজেন্দ্ৰ সিঙে জিলাখনৰ কোনো চৰকাৰী হাস্পতালাৰ পৰা চিকিৎসা গ্ৰহণ কৰা নাছিল ।

ABOUT THE AUTHOR

...view details