খাদ্যত বিষক্ৰিয়া ঘটি 12 জন তীৰ্থযাত্ৰী স্বাস্থ্যৰ অৱনতি - Deveotes
মথুৰা দৰ্শন কৰি কাশগঞ্জ জংচনত খাদ্য গ্ৰহণৰ পাছত খাদ্যৰ বিষক্ৰিয়াত অসুস্থ হৈ পৰে 12 জনকৈ তীৰ্থযাত্ৰী ৷ খাদ্য গ্ৰহণৰ সময়ত খাদ্যত জেঠী ওলোৱাত তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্যৰ অৱনতি হোৱা বুলি অভিযোগ উঠিছে ৷
নেচনেল ডেস্ক, 9 ছেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ কাশগঞ্জত খাদ্যৰ বিষক্ৰিয়াত 12 জনকৈ তীৰ্থযাত্ৰী অসুস্থ হৈ পৰে ৷ তীৰ্থযাত্ৰীসকলে ৰাধা অষ্টমী পৰ্বৰ উপলক্ষে মথুৰাৰ পৰা ৰাধাৰাণীৰ দৰ্শন কৰি উভতি আহিছিল ৷ তথ্যনুসৰি,কাশগঞ্জ জংচনত উপস্থিত হোৱাৰ পাছত তীৰ্থযাত্ৰীসকলে ষ্টেচনৰ বাহিৰত পুৰি আৰু চৌলা ভাতুৰাৰ গ্ৰহণ কৰাৰ সময়ত থালিৰ ওপৰত জেঠী পৰি থকা প্ৰত্যক্ষ কৰে আৰু সেই সময়ৰেই পৰা খাদ্যগ্ৰহণ কৰা যাত্ৰীসকলৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰে ৷ ঘটনা সন্দৰ্ভত ৰেলৱে কৰ্তৃপক্ষ আৰু জিলা তথা ৰাজ্য প্ৰশাসনৰ বিষয়ববীয়া অৱগত হৈ অসুস্থ তীৰ্থযাত্ৰীসকলক জিলা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ আনহাতে চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকৰ দলে বৰ্তমান সকলো তীৰ্থযাত্ৰী বিপদমুক্ত বুলি মন্তব্য কৰিছে ৷