নেশ্যনেল ডেস্ক, 1 অক্টোবৰ :উত্তৰ প্ৰদেশত সম্প্ৰসাৰিত হোৱা 'জংগল ৰাজ'ৰ কোনো অন্ত নাই আৰু এয়াই মুখ্যমন্ত্ৰী জবাবদিহি হোৱাৰ সময় ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ দলে ৷ ৰাজ্য়খনৰ বলৰামপুৰ জিলাত ধৰ্ষণৰ বলি হোৱা এগৰাকী দলিত মহিলাৰ মৃত্যুৰ পাচতে এই মন্তব্য কৰে কংগ্ৰেছ দলে ৷
দিল্লীৰ এখন হাস্পতালত 19 বৰ্ষীয় হাথৰছ ধৰ্ষণ কাণ্ডৰ পীড়িতাৰ মৃত্যুক লৈ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী 22 বৰ্ষীয় মহিলাই ৷
এই দুই ঘটনাৰ পাচতে বহুসংখ্যক কংগ্ৰেছ নেতাৰ লগতেল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া আগবঢ়ায় ৷
মহিলাৰ ওপৰত হৈ থকা শোষণ আৰু চৰকাৰৰ সন্দেহযুক্ত ভূমিকাৰ বাবে ৰাহুল গান্ধীয়ে কয়, "জীয়াই থকাৰ সময়তো কোনো সন্মান লাভ নকৰা এই মহিলাসকলক মৃত্যুৰ সময়তো মৰ্যদা কাঢ়ি লোৱা হৈছে ৷"
হিন্দীত প্ৰদান কৰা টুইটত হাথৰছ কাণ্ডৰ পীড়িতাৰ অন্ত্যেষ্টিক্ৰিয়াত পৰিয়ালক উপস্থিত হোৱাত বাধা প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷
তেওঁ লগতে কয়, "বিজেপিৰ শ্ল'গান 'কন্যা শিশুক সুৰক্ষা' নহয়, আচলতে হৈছে 'প্ৰমাণ লুকুৱাওক আৰু ক্ষমতা ৰক্ষা কৰক' ৷"