নিউজ ডেস্ক, 29 এপ্ৰিলঃ লক্ ডাউন ভংগকাৰী আৰু COVID-19 ৰ লগত জড়িত কৰ্মচাৰীক কোনো লোকে দুৰ্ব্যৱহাৰ কৰিলে তেনে লোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ।
ৰাজ্য চৰকাৰখনে এই সম্বন্ধে জাৰি কৰিছে এক অধ্যাদেশ । তাত স্পষ্টকৈ কোৱা হৈছে যে, কোনো লোকে যদি চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী, চেনিটাইজ কৰ্মী আদিক দুৰ্ব্যৱহাৰ কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মূখীন হ'ব ।