অসম

assam

ETV Bharat / bharat

বিভিন্ন কমিটি গঠনেৰে অৰ্থনীতি সবল কৰাৰ প্ৰয়াস যোগী আদিত্যনাথ চৰকাৰৰ - বিভিন্ন আঁচনিৰ কাম পৰিদৰ্শন বিভিন্ন কমিটি গঠন

লক্ ডাউনৰ সময়চোৱাত উত্তৰ প্ৰদেশৰ বিভিন্ন আঁচনিৰ কাম-কাজ পৰিদৰ্শনৰ বাবে গঠন কৰা হৈছে বিভিন্ন কমিটি । ৰাজ্যখনৰ বিত্তমন্ত্ৰী সুৰেশ খান্নাৰ অধ্যক্ষতাত ৰাজহ কি দৰে বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

UP govt has set up panels to look into problems of various sectors: Adityanath
UP govt has set up panels to look into problems of various sectors: Adityanath

By

Published : Apr 13, 2020, 10:18 AM IST

Updated : Apr 13, 2020, 1:36 PM IST

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ দেওবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত লক্ ডাউনৰ সময়ত বিভিন্ন আঁচনি সমূহৰ কাম-কাজ পৰিদৰ্ৰশনৰ বাবে কেইবাখনো কমিটি গঠন কৰাৰ কথা উল্লেখ কৰে । ১৫ এপ্ৰিলৰ পাচতেই এই কমিটি সমূহে বিভিন্ন আঁচনি সমূহৰ ওপৰত নিজৰ কাম আৰম্ভ কৰিব ।

ৰাজ্যচৰকাৰে ভাৰত চৰকাৰৰ সকলো নিৰ্দেশাৱলী পালন কৰি আহিছে আৰু কৰি যাব বুলি উল্লেখ কৰি বৰ্তমানে ১৫ এপ্ৰিলৰ পাচত বিভিন্ন আঁচনিৰ কাম কৰাৰ বাবে কেইখনমান কমিটি গঠন কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰিয়্যাৰ অধ্যক্ষতাত নিৰ্মাণ আঁচনিৰ ওপৰত সকলো কাম কাজ চোৱা-চিতা কৰা হ'ব । লক্ ডাউনৰ নিয়ম আৰু সামজিক দূৰত্ব বজাই যাতে কামবোৰ কৰা হয় সেই দিশটোও চোৱা হ'ব । ইয়াৰ দ্বাৰা শ্ৰমিক সকলেও কিছু কাম কৰিবলৈ সুযোগ পাব ।

ভিডিঅ' মেছেজত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত উত্তৰ প্ৰদেশ চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি উল্লেখ কৰে । যাৰ বাবেই বিভিন্ন কমিটি গঠন কৰি ১৫ এপ্ৰিলৰ পাচত কাম কৰা হ'ব বুলি উল্লেখ কৰে । লগতে কয়, ৰাজ্যখনৰ বিত্তমন্ত্ৰীৰ তত্বাৱধানত ৰাজহ বৃদ্ধিৰ ওপৰতো কাম কৰা হ'ব । সকলো সৰু-বৰ উদোগ্যৰ ক্ষেত্ৰতো কাম কৰা হ'ব । কৃষকৰ বাবে ৰাজ্যখনৰ কৃষি মন্ত্ৰীৰ তত্বাৱধানত কমিটি গঠন কৰা হৈছে যাতে কৃষকৰ অসুবিধা সমূহ দূৰ কৰিব পৰা যায় ।

আনহাতে আগন্তুক দিনত হ'বলগীয়া ধৰ্মীয় অনুষ্ঠান সমূহৰ সন্দৰ্ভতো ধৰ্মীয় গুৰুসকলক জনসমাগম নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইপিনে আগন্তক ১৪ এপ্ৰিলত ভিমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকত সকলো মন্ত্ৰী আৰু কৰ্মকৰ্তাক কাৰ্যালয়তে ব্যক্তিগত ভাৱে এই জন্ম দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়ে ।

Last Updated : Apr 13, 2020, 1:36 PM IST

ABOUT THE AUTHOR

...view details