নিউজ ডেস্ক, 21 আগষ্ট :বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে বিগত 9 বছৰত সংঘটিত হোৱা অপৰাধজনিত ঘটনাৰ এক তুলনাত্মক পৰ্যালোচনা কৰে ৷ উক্ত পৰ্যালোচনাৰ অন্তত যোগী আদিত্যনাথৰ চৰকাৰে দাবী কৰে যে, বিগত বছৰৰ তুলনাত যোগী আদিত্যনাথৰ চৰকাৰ শাসনলৈ অহাৰ সময়ত উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ৷
উত্তৰ প্ৰদেশৰ গৃহ বিভাগে দাবী কৰা অনুসৰি, বিগত 9 বছৰৰ তুলনাত উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা অভাৱনীয় হাৰত হ্ৰাস পাইছে ৷ তেওঁ লগতে কয় যে, 2016 চনৰ তুলনাত 2020 চনত ৰাজ্যখনত ডকাইতিৰ ঘটনা 74.50 শতাংশ হ্ৰাস পাইছে ৷ একেদৰে ৰাজ্যখনত ধৰ্ষণৰ ঘটনা 2013 চনৰ তুলনাত 25.94 শতাংশ হ্ৰাস পাইছে ৷ 2016 চনত 38.74 শতাংশ আৰু 2019 চনত ধৰ্ষণৰ ঘটনা 28.13 শতাংশ হ্ৰাস পোৱা বুলি গৃহ বিভাগে তথ্য সদৰি কৰিছে ৷