অসম

assam

ETV Bharat / bharat

উত্তৰপ্ৰদেশ কেবিনেটৰ পৰা বৰ্খাস্ত মন্ত্ৰী অ পি ৰাজভৰক - etv bharat assam

Minister for Backward Class Welfare-ৰ মন্ত্ৰণালয়ৰ দায়িত্বত আছিল মন্ত্ৰীগৰাকী

উত্তৰপ্ৰদেশ কেবিনেটৰ পৰা বৰ্খাস্ত মন্ত্ৰী অ পি ৰাজভৰক

By

Published : May 20, 2019, 2:36 PM IST

লক্ষ্ণৌ,২০মে': উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুৰোধ মৰ্মে সোমবাৰে মন্ত্ৰী অ পি ৰাজভৰক কেবিনেটৰ পৰা বৰ্খাস্ত কৰে ৰাজ্যপাল ৰাম নাইকে । Minister for Backward Class Welfare-ৰ মন্ত্ৰণালয়ৰ দায়িত্বত আছিল মন্ত্ৰীগৰাকী। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰে ৰাজ্য়পালগৰাকীয়ে।

উত্তৰপ্ৰদেশ কেবিনেটৰ পৰা বৰ্খাস্ত মন্ত্ৰী অ পি ৰাজভৰক

ইয়াৰ পূৰ্বে ৰাজ্যপাল ৰাম নাইকলৈ অ পি ৰাজভৰক পদৰ পৰা অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আনহাতে,কেইমাহমান পূৰ্বে বিজেপিৰ সৈতে আসন সন্দৰ্ভত তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাৰ বাবে ৰাজভৰে পদত্যাগ কৰিছিল যদিও গ্ৰহণ হোৱা নাছিল তেওঁৰ পদত্যাগ পত্ৰ। বৰ্তমান মন্ত্ৰীগৰাকী চুহেলদেৱ ভাৰতীয় জনতা পাৰ্টীৰ (SBSP) প্ৰমুখ হিচাপেও কৰ্মৰত।

আনহাতে,সোমবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অ পি ৰাজভৰে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক স্বাগতম জনাই ভাল সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। লগতে,তেওঁ গঠিত কৰা সামাজিক ন্যায়িক কমিটি (Social Justice Committee) ৰিপ'ৰ্টক ডাষ্টবিনত পেলাই নথৈ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনায়।

ABOUT THE AUTHOR

...view details