অসম

assam

By

Published : Oct 11, 2020, 5:03 PM IST

ETV Bharat / bharat

ৰাহুল-প্ৰিয়ংকাক কটাক্ষ উত্তৰ প্ৰদেশৰ শক্তি মন্ত্ৰী শ্ৰীকান্ত শৰ্মাৰ

দুদিনীয়া মথুৰা ভ্ৰমণত যোৱা মন্ত্ৰী শ্ৰীকান্ত শৰ্মাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আত্ম নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ লগতে তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী সম্বন্ধেও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী শ্ৰীকান্ত শৰ্মা
মন্ত্ৰী শ্ৰীকান্ত শৰ্মা

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ :দুদিনীয়া মথুৰা ভ্ৰমণ কালত থকা উত্তৰ প্ৰদেশৰ শক্তি মন্ত্ৰী শ্ৰীকান্ত শৰ্মাই, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি কয় যে, তেওঁলোক দুয়োগৰাকীয়েই মৃতদেহক লৈ ৰাজনীতি কৰে ৷ যিটো তেওঁলোকে কৰিব নালাগে ৷ শৰ্মাই কয়, তেওঁলোকে আত্ম নিৰীক্ষণ কৰিব লাগে ৷

ৰাজস্থান মন্দিৰৰ পুৰোহিত গৰাকীৰ হত্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, এইয়া অতিকৈ লজ্জাজনক আৰু পৰিতাপৰ ঘটনা ৷ তেওঁ কয়, "আমাৰ বিশ্বাস যে, ৰাজস্থান চৰকাৰে সমগ্ৰ বিষয়টোক লৈ গভীৰভাৱে কাম কৰিব ৷ কিন্তু মৃত্যুক লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে ৷"

"কংগ্ৰেছ দল আৰু বিশেষকৈ শ্ৰী ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা জী, এইসকলে মৃতদেহক লৈ ৰাজনীতি কৰে ৷ যদি আপোনাৰ মনত সংবেদশীলতা আছিল তেন্তে আপুনি কিয় পুজাৰী গৰাকীৰ ঘৰলৈ নগ'ল, আপোনাৰ পৰিয়ালে আকোঁৱালি নল'লে ৷ কেতিয়াও এনেবোৰ বিষয়ক লৈ ৰাজনীতি নকৰিব ৷ এইয়া ভুল ৷ এইয়াও এক প্ৰকাৰৰ জঘন্য অপৰাধ ৷"

সন্ধিয়াৰ পৰা নিশালৈ শৰ্মাই বিভিন্ন স্থান নিৰীক্ষণ কৰে আৰু স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি কয়, দিদিয়ে গণতান্ত্ৰিক প্ৰণালীক বিশ্বাস নকৰে, তেওঁ জানে যে পশ্চিম বংগত তেওঁৰ ভূমি খহিব ধৰিছে ৷

পশ্চিম বংগত বিজেপি কৰ্মকৰ্তা সকল জেললৈ যোৱাক কেন্দ্ৰ কৰি তেওঁ কয়, "দিদি পশ্চিম বংগত উগ্ৰ ৷ তেওঁ কোনো গণতান্ত্ৰিক প্ৰণালীক বিশ্বাস নকৰে ৷" ইয়াৰোপৰি তেওঁ কয়, যদিও বাওঁপন্থী চৰকাৰ সমাপ্ত হৈ গৈছে, দিদি কিন্তু বাওঁপন্থী সকলৰ পৰা দুখোজ আগত আছে আৰু সেইবাবেই তেওঁ জানে যে, তেওঁৰ ভূমি সলনি হৈছে ৷ সেয়ে যিসকল বিজেপি কৰ্মকৰ্তা তাত নিৰাশ হৈছে তেওঁলোকক অত্যাচাৰ কৰা হৈছে, তেওঁলোকক হত্যাও কৰা হৈছে ৷

লগতে পঢ়ক:নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details