নিউজ ডেস্ক, 3 জুন : উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদে মঙলবাৰে বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগতে এক ভিডি'অ কনফাৰেন্সত কৰ'ণা ৰোগী সকলৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে,কৰ'ণাৰ সৈতে আমি যুঁজিব লাগিব ৷
কৰ'ণা ৰোগী সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ কোভিড-19 ৰ বাবে জনসাধাৰণে যি কষ্ট সহ্য কৰিব লগা হ'ল তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী ৷ আৰু যি সকল ৰোগীয়ে কোভিড-19ত মৃত্যুবৰণ কৰিছে তেওঁলোকৰ বেছিভাগেই গুৰুতৰ ৰোগত ভুগি থকাৰ বাবে মৃত্যুবৰণ কৰিব লগা হৈছে ৷
তেখেতে আকৌ জনাই যে, ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ চিকিৎসালয় আৰু কোৱাৰেন্টাইন চেন্টাৰৰ সংখ্যা ইতিমধ্যে বঢ়োৱা হৈছে ৷ আনকি কৰ্ম সংস্থাপন হেৰুওৱা লোক সকলৰ সন্দৰ্ভত ও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী গৰাকীয়ে ৷
অনতিপলমে তেওঁলোকক বিভিন্ন কৰ্মত নিয়োগ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ উত্তৰ প্ৰদেশৰ এই গৰাকীয়ে প্ৰথম মন্ত্ৰী যিয়ে লক ডাউনৰ সময়ত কৰ'ণা ৰোগী সকলৰ কাষত থিয় হৈ সকাহ দিছে ৷
লগতে পঢ়ক : বানৰ কবলত চলচলিৰ দুই শতাধিক কৃষকৰ কৃষিভূমি