অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ সন্দেহত উৰিষ্যাৰ হাস্পতালত ভৰ্ত্তি উত্তৰ প্ৰদেশৰ দম্পতি - উৰিষ্যাৰ কটকৰ এচ.এচ.বি চিকিৎসালয়

15 ফেব্ৰুৱাৰীত চীনৰ পৰা ঘূৰি অহা এহাল দম্পতিয়ে 1 মাৰ্চত হংকং আৰু ছিংগাপুৰ হৈ প্ৰৱেশ কৰিছিল পাৰাদ্বীপ বন্দৰত ৷ বন্দৰত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত উত্তৰ প্ৰদেশৰ দম্পতিহালক ভৰ্তি কৰা হয় উৰিষ্যাৰ কটকৰ এচ.চি.বি চিকিৎসালয়ত ৷

UP couple admitted in Odisha hospital for suspected coronavirus
কৰ'ণাভাইৰাছৰ সন্দেহত উৰিষ্যাৰ হাস্পতালত ভৰ্ত্তি উত্তৰ প্ৰদেশৰ দম্পতি

By

Published : Mar 4, 2020, 12:04 PM IST

নিউজ ডেস্ক, 4 মাৰ্চঃ চীনৰ পৰা ঘূৰি অহা উত্তৰ প্ৰদেশৰ এহাল দম্পতিক কৰ'ণা ভাইৰাছৰ সন্দেহত ভৰ্তি কৰা হয় উৰিষ্যাৰ এখন হাস্পতালত ৷ জানিব পৰা মতে, উৰিষ্যাৰ কটকৰ এচ.চি.বি মেডিকেল কলেজত ভৰ্ত্তি উত্তৰ প্ৰদেশৰ দম্পতিহালক ৷ 15 ফেব্ৰুৱাৰীত এখন কাৰ্গো জাহাজত উত্তৰ প্ৰদেশৰ দম্পতিহালে মুঠ 23 গৰাকী কৰ্মচাৰীৰ সৈতে চীনৰ পৰা আহি হংকং আৰু ছিংগাপুৰ হৈ 1 মাৰ্চত পাৰাদ্বীপ বন্দৰত উপস্থিত হৈছিল ৷

ইয়াৰ মাজতে জ্বৰত আক্ৰান্ত হৈ আছিল জাহাজখনৰ এগৰাকী কৰ্মচাৰী ৷ অৱশ্যে এই জ্বৰৰ কাৰণ বিভিন্ন হ'ব পাৰে ৷ সুৰক্ষাজনিত কাৰণত ব্যক্তিগৰাকীক পৃথকে ৰখাৰ লগতে ভাৰতীয় দম্পতিহালক স্থানান্তৰিত কৰা হয় এচ.চি.বি মেডিকেললৈ ৷

ইফালে COVID-19ৰ দৰে ডাঙৰ বিপদৰ আশংকাত মঙলবাৰে এক বিশেষ ঘোষণা কৰে তেলেংগানাৰ স্বাস্থ্য মন্ত্ৰী ইৰ্টেলা ৰাজেন্দ্ৰই ৷ ইৰ্টেলা ৰাজেন্দ্ৰই মঙলবাৰে কয় যে, ৰাজ্যখনত কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে আৱন্টন দিছে 100 কোটি টকাৰ বাজেট ৷ লগতে সকলোকে কৰ'ণা ভাইৰাছৰ আশংকাত ভয় নাখাবলৈ অনুৰোধ কৰিছে তেলেংগানা চৰকাৰে ৷

লগতে পঢ়কঃগো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

ABOUT THE AUTHOR

...view details