নিউজ ডেস্ক, ৩ জুলাইঃ উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত শোকপ্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিকাৰু গাঁৱত সংঘটিত এই ঘটনাত নিহত প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক অনুদান ঘোষণা কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে।
"কানপুৰ এনকাউণ্টাৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী জোৱান নিহত হোৱাৰ বিপৰীতে ২ জন অপৰাধীৰ মৃত্যু হৈছে। আৰক্ষী জোৱানসকলৰ এই ত্যাগ কেতিয়াও অথলে যাব দিয়া নহ'ব। ইয়াৰ বাবে জনসাধাৰণ সদায় দায়বদ্ধ। এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য আগবঢ়োৱা হ'ব। লগতে, পেঞ্চন আৰু পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব" বুলি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰে।