নিউজ ডেস্ক, 16 জুনঃ দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিচতেই দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ নীতি আয়োগৰ পঞ্চম অধিৱেশনত অংশগ্ৰহণ কৰাৰ পিচতেই যোগী আদিত্যনাথে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল ৷
ৰাজনাথ সিঙক সাক্ষাৎ যোগী আদিত্যনাথৰ - BJP
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসভৱনত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ দুয়োগৰাকী নেতাই সুৰক্ষাজনিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয় ৷
ৰাজনাথ সিঙক সাক্ষাৎ যোগী আদিত্যনাথৰ
সুৰক্ষাজনিত কেইবাটাও বিষয়ৰ লগতে দৰিদ্ৰতা, নিবনুৱা সমস্যা, দুৰ্নীতি আৰু হিংসা প্ৰতিহত আদি বিষয়ত আলোচনা কৰাৰ বাবেই এইদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷