অসম

assam

ETV Bharat / bharat

বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ - শৰণাৰ্থীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ

দেশব্যাপী নাগৰিকত্ব (সংশোধনী) আইন, 2019ক লৈ প্ৰৱল প্ৰতিবাদৰ মাজতে বিদেশীক নাগৰিকত্ব দিবলৈ সাজু হৈছে উত্তৰ প্ৰদেশ চৰকাৰ ৷ ইতিমধ্যেই পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ শৰণাৰ্থীক নাগৰিকত্বৰ বাবে বাচনি প্ৰক্ৰিয়াৰে সাজু হৈ উঠিছে যোগী আদিত্যনাথৰ চৰকাৰ ৷

বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ
বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ

By

Published : Jan 5, 2020, 4:45 PM IST

নেশ্বনেল ডেস্ক, 5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ সকলো ধৰনে সাজু হৈছে উত্তৰ প্ৰদেশ চৰকাৰ ৷ যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে বাচনি প্ৰক্ৰিয়া সাজু কৰি তুলিছে ৷ ইয়াৰ লগতে ৰাজ্যখনত বাস কৰি থকা অবৈধ নাগৰিকসকলক চিনাক্তকৰণ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷

লগতে পঢ়কঃ CAAৰ সন্দৰ্ভত এক ইঞ্চিও পিছুৱাই নাযায় বিজেপিঃ অমিত শ্বাহ

ৰাজ্যখনৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ অৱস্থীয়ে প্ৰকাশ কৰা অনুসৰি, 75 খন জিলাৰ জিলা দণ্ডাধীশসকলক পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নাগৰিকত্ব অবিহনে আহি ৰাজ্যখনত বাস কৰি থকা লোকসকলক চিনাক্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে যোগী চৰকাৰে ৷ বিষয়াগৰাকীৰ মতে, ৰাজ্যখনত বসবাস কৰি থকা অবৈধ লোকসকলৰ ভিতৰত আফগানিস্তানৰ পৰা অতি কমসংখ্যক আছে যদিও এই সংখ্যা বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অবৈধ শৰণাৰ্থীৰে অধিক হ'ব ৷ পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ লোকসকল লক্ষ্ণৌ, হাপুৰ, ৰামপুৰ, শ্বাহজাহানপুৰ, নয়দা আৰু গাজিয়াবাদতে অধিক হ'ব ৷

লগতে পঢ়কঃ কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰস্তাৱনা

"যাতে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত বাস কৰি থকা অবৈধ লোকসকলক চিনাক্ত কৰি তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব পাৰে তাৰ বাবেই এই সূচীখন প্ৰস্তুত কৰিবলৈ লোৱা হৈছে ৷ দেশৰ ভিতৰতে উত্তৰ প্ৰদেশ প্ৰথমখন ৰাজ্য যিয়ে এই সূচী প্ৰস্তুত কৰিবলৈ ওলাইছে ৷ এইসকল লোকক চিনাক্ত কৰি শেহতীয়াকৈ গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷" এইদৰে কয় গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ অৱস্থীয়ে ৷

লগতে পঢ়কঃ "কা" ৰ সমৰ্থনত প্ৰচাৰঃ দিল্লীয়ে ১১ ৰাজ্যৰ দায়িত্ব দিলে হিমন্তক

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰেকেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ৰাজ্যখনত থকা অবৈধ মুছলমান শৰণাৰ্থীসকলক চিনাক্তকৰি তেওঁলোকক নিজৰ নিজৰ দেশলৈ ওভোটাই পঠিওৱাৰ ওপৰত অৱগত কৰাব ৷ অৱশ্যে এই বিষয়ে এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী, কিন্তু পাকিস্তানৰ কথাহে বেছিকৈ কয় : মমতা

উল্লেখ্য যে, নাগৰিকত্ব (সংশোধনী) আইন, 2019 গৃহীত হোৱাৰ পিচতেই উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদ সাব্যস্ত হয় ৷ বিতৰ্কিত আইনখন বিৰুদ্ধে ইতিমধ্য়ে দেশৰ কেবাখনো ৰাজ্যই শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ লগতে কেৰালাই ইয়াৰ সচিবালয়ত আইনখনৰ বিৰুদ্ধে এক প্ৰস্তাৱনাও গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details