অসম

assam

By

Published : Jul 7, 2020, 3:07 PM IST

ETV Bharat / bharat

এটিএছৰ হাতত গ্ৰেপ্তাৰ সন্দেহযুক্ত আল কায়দা ইনামুল হকৰ সহযোগী

উত্তৰ প্ৰদেশৰ এটিএছয়ে সন্দেহযুক্ত আল কায়দা ইনামুল হকৰ সহযোগী শ্বাকীল আহমদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে জুন মাহত বৰেলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ইনামুল হকক । আহমদৰ ওপৰত জেহাদৰ নামত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুদ্ধৰ বাবে যুৱকক সকলক প্ৰৰোচিত কৰি পাকিস্তানী হেণ্ডলাৰ্ছ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আছে ।

UP ATS arrests Al-Qaeda suspect Inamul Haq's aide from Kathua
UP ATS arrests Al-Qaeda suspect Inamul Haq's aide from KathuaUP ATS arrests Al-Qaeda suspect Inamul Haq's aide from Kathua

নিউজ ডেস্ক, 7 জুলাই: জম্মু-কাশ্মীৰৰ কাঠুৱাৰ পৰা উত্তৰ প্ৰদেশ সন্ত্ৰাস বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আল কায়দা ইনামুল হকৰ সহযোগী শ্বাকীল আহমদক ।

তথ্য় মতে, আহমদে সঘনাই পাকিস্তানী হেণ্ডলাৰ্ছ আৰু ইনামুল হকৰ সৈতে সংযোগ স্থাপন কৰি আহিছিল । জিহাদৰ নামত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে যুদ্ধৰ বাবে যুৱকক সকলক প্ৰৰোচিত কৰাৰ গুৰুতৰ অভিযোগ আছে শ্বাকীলৰ বিৰুদ্ধে । জানিব পৰা মতে, ছফ্টৱেৰ এপলিকেশ্বনৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰ্ছ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আহমদে । ইতিমধ্যে উত্তৰ প্ৰদেশৰ এটিএছ দলে ট্ৰানজিট ৰিমাণ্ডত কঠুৱাৰ পৰা লক্ষ্ণৌ লৈ আনিছে শ্বাকীল আহমদক ।

ইয়াৰ পূৰ্বে 18 জুনত উত্তৰ প্ৰদেশৰ এটিএছয়ে সন্দেহযুক্ত আল কায়দাৰ সঞ্চালক ইনামুল হকক বৰেলী জিলাৰ কিলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আল কায়দাৰ সৈতে সম্পৰ্কিত আপত্তিজনক তথ্য হকৰ ম'বাইল ফোনৰ পৰা সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দিয়ে । ইতিমধ্য় তদন্তৰ বাবে জব্দ কৰা হৈছে ম'বাইল ফোনটো ।

আনহাতে 21 জুনতো আন এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী ছলমান খুৰ্চিদক জম্মু-কাশ্মীৰৰ ৰামবান এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ এটিএছ দলে । প্ৰাৰম্ভিক তদন্তত ছলমান খুৰ্চিদে এপ্ ৰ জৰিয়তে ইনামুল হকৰ সৈতে সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে । টেলিগ্ৰামৰ গ্ৰুপৰ জৰিয়তে সংযুক্ত আছিল দুয়ো । ইনামুলে ইতিমধ্য়ে জেহাদী আদৰ্শৰ দৰে প্ৰভাৱিত হোৱাৰ কথা স্বীকাৰ কৰিছে ।

ABOUT THE AUTHOR

...view details