নিউজ ডেস্ক, ১৯ এপ্ৰিলঃদৰিদ্ৰ লোকৰ বাবে বিত্তীয় সাহাৰ্য ঘোষণা উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ চৰকাৰৰ। শেহতীয়াকৈ শনিবাৰে প্ৰত্যেকজন দৰিদ্ৰ লোকলৈ ১০০০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । য'ত লক ডাউনৰ মাজত গ্ৰাম্যাঞ্চল আৰু চহৰৰ দুয়োটা ক্ষেত্ৰৰ পৰাই বাদ পৰি যোৱা লোককো অন্তৰ্ভুক্ত কৰা হৈছে ।
দৰিদ্ৰ লোকলৈ ১০০০ টকাকৈ সাহাৰ্যৰ ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ - উত্তৰ প্ৰদেশ চৰকাৰ
উত্তৰ প্ৰদেশ চৰকাৰে শেহতীয়াকৈ লক ডাউনৰ মাজত হাৰাশাস্তিৰ সন্মুখীন হোৱা দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰিছে বিত্তীয় সাহাৰ্যৰ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই সাহাৰ্যৰ কথা । বৰ্তমানলৈকে উত্তৰ প্ৰদেশ চৰকাৰে ২৩৬.৯৮ কোটি টকা ২৩,৭০,০০০ গৰাকী শ্ৰমিকৰ মাজত বিতৰণ কৰিছে বুলি উল্লেখ কৰে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সঞ্চালকে । ইয়াৰ লগতে ৰাজ্যখনৰ বহু কেইখন জিলা ভাইৰাছ মুক্ত বুলিও উল্লেখ কৰে । ইয়াৰ ভিতৰত আছে- ফিলিভিট,মহাৰাজগঞ্জ,হাথ্ৰাছ আদি । বৰ্তমান শ্বাহজাহানপুৰ,বৰেলি আৰু প্ৰায়াগৰাজোকৰ'ণা মুক্ত বুলি কোৱা হৈছে ।
যোৱা সপ্তাহত মুখ্য়মন্ত্ৰী গৰাকীয়ে লক ডাউনৰ ফলত যি সকল লোকৰ জীৱিকা প্ৰভাৱিত হৈছে তেওঁলোকক সহায় কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছিল । প্ৰথম অৱস্থাত ৰাজ্যখনৰ ১১ লাখ নিৰ্মাণকাৰী শ্ৰমিকক ১০০০ হাজাৰ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব ।