বাৰাবংকী,28 মে' : বিষাক্ত সুৰা সেৱন কৰি উত্তৰ প্ৰদেশৰ বাৰাবংকীত 11 জনকৈ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ ঘটনাস্থলীত উপস্থিত হৈ প্ৰশাসনৰ লোকে অসুস্থ সকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে অব্যাহত ৰাখিছে অনুসন্ধান ৷
বিষাক্ত সুৰাঃ উত্তৰপ্ৰদেশত মৃত 11 - Uttar pradesh
যোগী আদিত্যনাথ চৰকাৰখনে অবৈধ সুৰাৰ ব্যৱসায় কৰা সকলক মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ড প্ৰদানৰ বাবে প্ৰস্তুত কৰিছে এক বিধেয়ক ৷ সোমবাৰে বিধেয়কখনে চৰকাৰৰ অনুমোদন লাভ কৰিছিল ৷
সোমবাৰে পুৱাৰ ভাগতে সুৰা সেৱন কৰাৰ ফলত অসুস্থ হৈ পৰিছিল কেইবাজনো লোক ৷ বাৰাবংকীৰ ৰামনগৰত সংঘটিত ঘটনাটোত সোমবাৰে নিহত হৈছিল আঠজনকৈ লোক ৷শেহতীয়াকৈ ঘটনা সংক্ৰান্তত এগৰাকী প্ৰশাসনিক বিষয়া,5 গৰাকী আৰক্ষী বাহিনীৰ লোক আৰু 3 জন কনিষ্টবলক নিলম্বন কৰা হৈছে বুলি প্ৰকাশ কৰিছে আবকাৰী মন্ত্ৰী জয় প্ৰতাপ সিঙে ৷
উল্লেখযোগ্য যে , যোগী আদিত্যনাথ চৰকাৰখনে অবৈধ সুৰাৰ ব্যৱসায় কৰা সকলক মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ড প্ৰদানৰ বাবে প্ৰস্তুত কৰিছে এক বিধেয়ক৷ সোমবাৰে বিধেয়কখনে চৰকাৰৰ অনুমোদন লাভ কৰিছিল ৷