অসম

assam

ETV Bharat / bharat

কৰ’ণা ভয়াবহতাঃ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যপাল সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি কোবিন্দ - COVID 19

ইতিমধ্যে দেশত কৰ’ণা কংক্ৰমণে ভয়বহ ৰূপ লোৱা ৰাজ্যকেইখন প্ৰধানকৈ পাঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মাহাৰাষ্ট্ৰৰ ৰাজ্যপালসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই আটাইকেইখন ৰাজ্যতে ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷

Unprecedented: Prez to address all Guvs as India goes all out to fight COVID 19
কৰ’ণা ভয়াবহতাঃভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যপাল সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতি কোবিন্দ

By

Published : Mar 27, 2020, 11:37 AM IST

নেশ্বনেল ডেক্স,27 মাৰ্চঃদেশত বৃদ্ধিপোৱা কৰ’ণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাবে পুৱা এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সকলো ৰাজ্যৰে ৰাজ্যপাল আৰু লেফটেনেন্ট গবৰ্ণৰসকলক সম্বোধন কৰিব ৷

উক্ত বৈঠকত উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়েও নিজ বাসগৃহৰ পৰা অংশগ্ৰহণ কৰাৰ সম্ভৱনা আছে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা আহ্বান কৰা এই বৈঠকত ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিকে আদি কৰি কেইবাটাও উচ্চ পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰিব ৷

ইতিমধ্যে দেশত কৰ’ণা সংক্ৰমণে ভয়বহ ৰূপ লোৱা ৰাজ্যকেইখন প্ৰধানকৈ পাঞ্জাৱ, কেৰালা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মাহাৰাষ্ট্ৰৰ ৰাজ্যপালসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ এই আটাইকেইখন ৰাজ্যতে ভয়াবহ হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকী ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিৰো সভাপতি ৷ ভাৰতীয় ৰেড ক্ৰছ ছ’ছাইটিৰ 1,100 টা শাখা সমগ্ৰ দেশতে বিস্তৃত হৈ আছে ৷ দেশৰ এই সংকট কালত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কিছু গুৰুত্বপূৰ্ণ উপদেশ প্ৰদান কৰিব ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি উভয়ে ৷

লহতে পঢ়ক-লক ডাউনৰ তৃতীয় দিন

ABOUT THE AUTHOR

...view details