অসম

assam

By

Published : Jun 26, 2020, 8:29 PM IST

ETV Bharat / bharat

একেলগে আত্মহত্যা এহাল যুৱক-যুৱতীৰ

ৰাজস্থানত এহাল যুৱক-যুৱতীৰ আত্মহত্যা। ১৯ বছৰীয়া যুৱতীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰাৰ বিপৰীতে, এডাল গছত চিপ লৈ আত্মহত্যা কৰে ২১ বছৰীয়া যুৱকজনে।

 আত্মহত্যা
Unmarried couple commits suicide in Rajasthan

নিউজ ডেস্ক, ২৬ জুন : ৰাজস্তানৰ ছায়ান বাদি গাঁৱত এহাল অবিবাহিত যুৱক-যুৱতীয়ে আত্মহত্যা কৰে। দুটা ভিন্ন উপায়েৰে যুৱক-যুৱতী দুয়োগৰাকীয়ে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে।

১৯ বছৰীয়া যুৱতীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰাৰ বিপৰীতে, এডাল গছত চিপ লৈ আত্মহত্যা কৰে ২১ বছৰীয়া যুৱকজনে। উল্লেখ্য যে, স্থানীয় লোকে যুৱতীগৰাকীক খেতি পথাৰৰ মাজত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ কিছুসময় পাছতে প্ৰায় ২০ ফুট দূৰত্বত যুৱকজনক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱক-যুৱতীহালৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মহাত্মা গান্ধী হাস্পতাললৈ প্ৰেৰণ কৰিছে।

ৰাজস্থানত এহাল অবিবাহিত যুৱক-যুৱতীৰ আত্মহত্যা

আৰক্ষী বিষয়া সঞ্জয় সিঙে যুৱক-যুৱতীহালৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। কিন্তু যুৱক-যুৱতীহালৰ পৰিয়ালে দুয়োগৰাকীৰ মাজত কোনো প্ৰেমৰ সম্পৰ্ক নাই বুলি প্ৰকাশ কৰে। তদুপৰি, দুয়োগৰাকীৰ দেহত আৰক্ষীয়ে কোনো ধৰণৰ চিন পোৱা নাই বুলি জানিবলৈ দিয়ে। যুৱক-যুৱতীহালৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব।

লগতে পঢ়ক :ক'ত হেৰাল সন্ধ্যা ?

ABOUT THE AUTHOR

...view details