নিউজ ডেস্ক, 3 চেপ্তেম্বৰ: এটা শৌচাগাৰ আৰু সেই শৌচাগাৰৰ দেৱাল সমূহ হৈছে স্বচ্ছ কাঁচৰ ৷ অন্তত এইখিনিত গোপনীয়তা বৰ্তাই ৰাখিব বিচাৰে সকলোৱে ৷ সেই ঠাইত বাহিৰৰ পৰাই দেখিবলৈ পোৱা যায় শৌচাগাৰৰ ভিতৰছোৱা ৷ এনে ধৰণৰ শৌচাগাৰ কোনোবাই ব্যৱহাৰ কৰিব পাৰে জানো ? কিন্তু জাপানৰ দুখন উদ্যানত এনে শৌচাগাৰ ব্যৱহাৰ কৰিছে বহু লোকে ৷ আনহাতে সেই শৌচাগাৰ ৰাইজৰ মাজত বেচ জনপ্ৰিয়ও ৷ আপুনি ভাবিছে নেকি যে, তেওঁলোকে গোপনীয়তা বজাই নাৰাখে ? অৱশ্যেই চিন্তিত ৷ কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰে সেই শৌচাগাৰ ?
জাপানৰ ছিগেৰু বান আৰ্কিটেক্টছ নামৰ এটা সংস্থাই তৈয়াৰ কৰিছে সেই শৌচাগাৰৰ নক্সা ৷ ইয়োইয়োগি ফুকামাচি মিনি পার্ক আৰু হাৰু-নো-ওগাওয়া কমিউনিটি পাৰ্কত নিৰ্মাণ কৰা হৈছে সেই শৌচাগাৰ ৷ সাধাৰণতে বাহিৰৰ পৰা সেই শৌচাগাৰৰ ভিতৰছোৱা স্পষ্টকৈ দেখিবলৈ পোৱা যায় যদিও, সেইয়া কেৱল দুৱাৰ বন্ধ কৰাৰ আগমূহুৰ্তলৈহে ৷