নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ:ক্ষমা বিচৰাৰ আইন ! এই আইনে কিন্তু ক্ষমা বিচৰাৰ বাবে বাধ্য নকৰে ৷ অবাধে ক্ষমা বিচৰাৰহে অধিকাৰ প্ৰদান কৰে ৷ লগতে এই কথাটোও স্পষ্ট কৰা ভাল যে, দুঃখিত বুলি কোৱা মানেই কিন্তু অপৰাধ কৰাও নুবুজায় ৷ কিয়নো "দুঃখিত" শব্দটোয়ে সলনি কৰি দিব পাৰে বহু সমীকৰণ ৷ স্তব্ধ কৰিব পাৰে যুদ্ধ ৷ কিন্তু পৃথিৱীৰ কোন খন দেশৰ আইনে এনেদৰে ক্ষমা খোজাৰ অধিকাৰ প্ৰদান কৰে ? আপুনি জানেনে ?
এক প্ৰতিবেদন অনুসৰি, অন্য দেশসমূহৰ তুলনাত কানাডাত বসবাস কৰা লোকসকলে দুঃখিত বুলি কোৱাৰ পৰিমাণ তুলনামূলকভাবে বেছি ৷ তাত প্ৰায় প্ৰতি পদেই মানুহে দুঃখিত বুলি কয় ৷ সেই বাবেই 2009 বৰ্ষত দেশখনত গৃহীত হয় "ক্ষমা বিচৰাৰ আইন বা এপোল'জী এক্ট ৷"