নেশ্যনেল ডেস্ক, 17 আগষ্ট: আনাৰস খাই বেয়া পোৱা মানুহৰ সংখ্যা হয়তো খুব কমেই ওলাব ৷ প্ৰায় সকলোৰে প্ৰিয় ফলৰ তালিকাত আনাৰসেও পাই আহিছে স্থান ৷ কিন্তু আপুনি যেতিয়া আনাৰস খায়, আনাৰসেও খাই আপোনাক ৷ আপুনি জানেনে ? আনাৰসেও মানুহ খায় ! কিন্তু কেনেদৰে ?
আনাৰসৰ সোৱাদৰ বিষয়ে আমি সকলোৱে অৱগত ৷ মিঠা-টেঙা সোৱাদেৰে ভৰপূৰ এই ফল ৷ আনাৰসত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধনৰ ক্ষেত্ৰতো আনাৰসে সহায় কৰে ৷ কিন্তু আনাৰস খোৱাৰ সময়ত আমি যেতিয়া তাৰ টেঙা-মিঠা সোৱাদ পাও তাৰ সমান্তৰালকৈ, কিবা এটা যেন অদ্ভুত অনুভূতি হয় আমাৰ মুখৰ ভিতৰত ৷ পানী খাই বা মুখ ধুলেও যেন কোনোবাখিনিত ৰৈ যায় তাৰ অনুভৱ ৷ ইয়াৰ পৰাই আৰম্ভ হয় কাহিনী ৷ সেই সময়ত আনাৰসে আমাৰ জিভা আৰু ওঁঠৰ অংশ খাবলৈ আৰম্ভ কৰে ৷