নিউজ ডেস্ক, 10 ছেপ্তেম্বৰ: সন্মান জনোৱাৰ বাবে এই ঠাইত মানুহৰ গাত ছটিওৱা হয় থু ৷ এনে আচৰণ কোন দেশৰ লোকে কৰে ? বৰঞ্চ পৃথিৱীৰ সহৰভাগ দেশৰ লোকৰ মতে, গাত থু পেলোৱাটো হৈছে অতিকৈ সন্মান হানিৰ বিষয় ৷ ঘৰত সৰুৰে পৰাই শিকোৱা হয় বাটে-পথে য'তে-ত'তে থু পেলাব নালাগে ৷ মহামাৰীৰ পৰিস্থিতিতটো এই ক্ষেত্ৰত আৰু অধিক সতৰ্ক হোৱা প্ৰয়োজন ৷ কিন্তু পৃথিৱীত এনে এখনো দেশ আছে য'ত কোনো লোকক শুভেচ্ছা জনাবলৈয়ো গাত থু ছটিওৱা হয় ৷
টানজানিয়া অৰ্থাৎ কেনিয়াৰ মাছাই জনজাতিৰ লোক তেওঁলোক ৷ যদিও সম্প্ৰতি কেৱল কাজিয়োডো আৰু নাৰোক জিলাতহে তেওঁলোকৰ বসতি আছে বুলি জানিব পৰা গৈছে ৷ পূব আফ্ৰিকাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল মাছাই জনজাতি ৷ আফ্ৰিকাৰ সেই জনজাতি কেৱল তেওঁলোকৰ পুৰণিকলীয়া ৰীতি-নীতিৰ বা সংস্কৃতিৰ বাবেই জনপ্ৰিয় ৷
মাছাই জনজাতীয় লোকৰ বাবে গাত থু পেলোৱাতো কোনো ধৰণৰ সন্মানহানিৰ কাম নহয় ৷ বৰং শুভ অনুষ্ঠান বা কোনো লোকক শুভেচ্ছা জনোৱাৰ বাবে তেনে ৰীতি পালন কৰে তেওঁলোকে ৷ দশকৰ পাচত দশক ধৰি তেওঁলোকে পালন কৰি আহিছে সেই ৰীতি ৷