নিউজ ডেস্ক,5 নৱেম্বৰ:চিঠিৰ আদান-প্ৰদান সম্প্ৰতি এক স্মৰণীয় কাৰ্য ৷ চিঠি বুলিলে হয়তো আপোনাৰ ওঁঠতো বিৰিঙিব হাঁহি ৷ চিঠিৰ আদান-প্ৰদান হয় ডাকঘৰৰ জৰিয়তে ৷ এভাৰেষ্টৰ চূড়াতো আছে এনে ডাকঘৰ ? পঠিয়াব নেকি তালৈকে চিঠি ? ইণ্টাৰনেট অথবা ম’বাইলৰ যুগত কেইগৰাকীয়ে ভাবিব এনেদৰে চিঠি পঠিওৱাৰ কথা ৷ কিন্তু আজিও বিশ্বৰ বহুসংখ্যক লোক এই ডাক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল ৷ তৎসত্বেও বিশ্বৰ এনে কিছু স্থানত ডাকঘৰ আছে যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব ৷
এইখন বিশ্বতে আছে ওপঙা ডাকঘৰ ৷ ভাৰতৰ অংগ ৰাজ্য কাশ্মীৰৰ ডাল হ্ৰদত এই ডাকঘৰ অৱস্থিত ৷ 2011 প্ৰতিষ্ঠা কৰা এই ডাকঘৰৰ পিন কোড হৈছে 190001 ৷ কেৱল চিঠিৰ আদান-প্ৰদানেই নহয়, বেংকিং সেৱাৰো ব্যৱস্থা কৰা হৈছে এই ডাকঘৰত ৷
প্ৰেম নগৰী হিচাপে খ্যাত পেৰিছৰ আইফেল টাৱাৰতো আছে ডাকঘৰৰ ব্যৱস্থা ৷ ভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে এই ডাকঘৰ পৰিদৰ্শন কৰিব পাৰে ৷ যদিহে আপুনি বিশেষ ভাগ্যবান বুলি বিবেচিত হয়, তেন্তে আপুনি সুবিধা পাব বিশেষ প’ষ্ট ষ্টাম্প লাভৰ ৷ য’ত লিখা থাকিব-"আপুনি আইফেল টাৱাৰৰ পৰা এই চিঠি পঠিয়াইছে" ৷ কিন্তু এই বিষয়টো কিমান দূৰ সঁচা তাৰ কোনো নিশ্চয়তা আজিলৈকে লাভ কৰিব পৰা নাই ৷