নিউজ ডেস্ক, 3 চেপ্তেম্বৰ:এই গাঁৱৰ বহু বৃদ্ধাৰ হাতৰ একাধিক আঙুলিৰ আগভাগ কটা ৷ প্ৰথমবাৰৰ বাবে দেখিলে নিশ্চয় সকলোৱে ভয় খাব ৷ এইখিনিতে মনত এটা প্ৰশ্নৰ উদয় হয়, কিয় তেওঁলোকে নিজৰেই হাতৰ আঙুলি কাটিছে ? নে জন্মলগ্নৰ পৰাই এনেদৰে অসম্পূৰ্ণ আঙুলি লয়েই জন্ম হয় তেওঁলোকৰ ?
আমাৰ আত্মীয় লোকৰ মৃত্যু হ'লে আমাৰ মনত যন্ত্ৰণাৰ উন্মেষ ঘটে ৷ মানসিক যন্ত্ৰাণাৰ ৷ কিন্তু ইন্দোনেছিয়াৰ দানি জনজাতিৰ মহিলাসকলৰ যদি কোনো আত্মীয় লোকৰ মৃত্যু হয় তেতিয়া তেওঁলোকে কেৱল মানসিক যন্ত্ৰণাই নহয়, শাৰীৰিক যন্ত্ৰণাও গাত পাতি লয় ৷ মৃতকৰ আত্মাৰ শান্তি কামনাৰে তেওঁলোকে কাটি পেলায় নিজৰ আঙুলিৰ ওপৰৰ অংশ ৷
কিন্তু কিয় এনে যন্ত্ৰণাদায়ক নিয়ম পালন কৰে তেওঁলোকে ৷ বিশ্বাস ৷ কেৱল বিশ্বাসৰ বাবেই এনে নীতি-নিয়ম দীৰ্ঘদিনৰ পৰা পালন কৰি আহিছে দানি জনজাতিৰ মহিলা সকলে ৷ আত্মীয়ৰ আত্মাৰ শান্তিৰ বাবেই তেওঁলোকে দীৰ্ঘদিনৰ পৰা এনে যন্ত্ৰণাদায়ক ৰীতি পালন কৰি আহিছে ৷ আনকি বহু কণমানি শিশুৰ আঙুলিও কাটি পেলায় সিহঁতৰ মাতৃয়ে ৷