নিউজ ডেস্ক, 1 অক্টোবৰ : ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ অধিক শতকৰ স্বত্বাধিকাৰী হৈছে শচীন তেণ্ডুলকাৰ ৷ এই বিষয়ে সকলোৱেই অৱগত ৷ কিন্তু বিশ্ব ক্ৰিকেটৰ ইতিহাসত নথিভুক্ত প্ৰথমটো শতকৰ স্বত্বাধিকাৰী কোন আপুনি জানেনে ?
ইয়াৰ উত্তৰ বিচাৰি আমি যাব লাগিব 250 বছৰ পিচলৈ ৷ সেই দিনটো আছিল 1769 চনৰ 31 আগষ্ট ৷ খেলখন হৈছিল ডিউক অৱ ড'ৰচেটছ্ আৰু বোথামেৰ মাজত ৷ সেই মেচত 107 ৰাণেৰে এক দুৰ্দান্ত ইনিংছ খেলিছিল জন মিনশ্বাল নামৰ বেটছ্মেন এগৰাকীয়ে ৷ বহু লোকে অৱশ্যে জন মিনশ্বালৰ শতকক প্ৰথমটো শতক বুলি মানিবলৈ প্ৰস্তুত নহয় ৷ অধিকাংশৰ মতে, জন স্মল হৈছে প্ৰথমগৰাকী যিয়ে ডাঙৰ খেলত শতক কৰিবলৈ সক্ষম হৈছিল ৷ জন স্মলে হেম্পশ্বায়াৰৰ হৈ 136 ৰাণ অৰ্জন কৰিছিল ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰা গৰাকী এওঁলোকৰ ভিতৰত এগৰাকীও নহয় ৷ তেন্তে কোন তেওঁ ?
সেই সৌভাগ্যবান খেলুৱৈ গৰাকী নাম হৈছে চাৰ্লছ বেনৰমেন ৷ অষ্ট্ৰেলিয়াৰ বেটছ্মেন ৷ সেইবাৰ অষ্ট্ৰেলিয়াই খেলিছিল ইংলেণ্ডৰ বিৰুদ্ধে ৷ 1877 চনৰ 15-19 মাৰ্চ পৰ্যন্ত চলা টেষ্টৰ প্ৰথমটো ইনিংছত 165 ৰাণ কৰিছিল তেওঁ ৷ টেষ্টৰ কথা জনাৰ পাচকে মনত ভুমুকি মাৰিছে আন এক প্ৰশ্নই ৷ ৱান ডে ক্ৰিকেটৰ প্ৰথমগৰাকী শতক অৰ্জন কৰা খেলুৱৈ কোন ?