অসম

assam

By

Published : Jun 29, 2020, 7:43 PM IST

ETV Bharat / bharat

বিশ্বৰ আটাইতকৈ বিষাক্ত সাপৰ আইলেণ্ডটোৰ বিষয়ে

আপুনি যদি সাপলৈ ভয় কৰে তেন্তে আপোনাৰ বাবে আটাইতকৈ ভয়ংকৰ স্থান হ'ল ব্ৰাজিলৰ স্নেক আইলেণ্ড ৷ এই আইলেণ্ড পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আইলেণ্ড সমূহৰ অন্যতম ৷ আহকচোন জানো ভয়ংকৰ আইলেণ্ডটোৰ কিছু নজনা কথাঃ

unknown facts about Brazil's 'Snake Island'
এখন সাম্ৰাজ্য মানুহৰ নহয় সাপৰ

নিউজ ডেস্ক,29জুনঃঅভিশাপ নেকি ব্ৰাজিলৰ স্নেক আইলেণ্ড ! বিশ্বৰ এক ভয়ংকৰ স্থান হ'ল এই স্নেক আইলেণ্ড ৷ ব্ৰাজিলৰ চাও পাওল' প্ৰান্তত সমুদ্ৰৰ পৰা 33 কি.মি দূৰত অৱস্থিত এই ভয়ংকৰ দ্বীপটোৰ নাম স্নেক আইলেণ্ড ৷ এই ভয়ংকৰ আইলেণ্ড অৰ্থাৎ ভয়ংকৰ দ্বীপটোত সাপৰ সংখ্যা ইমানেই অধিক যে এই দ্বীপটোত প্ৰতি 18 বৰ্গ ফুটৰ অন্তৰে-অন্তৰে একোডালকৈ সাপ থাকে ৷ এই দ্বীপটোৰ মুঠ মাটিকালি 110 একৰ ৷ বৈজ্ঞানিকৰ মতে,এই দ্বীপটোত মুঠ 4000 ৰো অধিক সাপ আছে ৷

সাপৰ সাম্ৰাজ্য ব্ৰাজিলৰ স্নেক আইলেণ্ড

এই দ্বীপত সম্পূৰ্ণ সাপৰ ৰাজত্ব চলে ,ইয়াত মানুহৰ কোনোধৰণৰ ৰাজত্ব নচলে ৷ এই দ্বীপলৈ না কোনো মানুহ যাব পাৰে, না কোনোবা তালৈ গৈ বাচি আহিব পাৰে ৷ বিশ্বত এই দ্বীপটোক Ilha de Queimada Grandeনামেৰ জনা যায় ৷

বিশ্বৰ আটাইতকৈ বিষাক্ত সাপ এই দ্বীপতে পোৱা যায় ৷ মচলন বাইপৰ নামৰ আটাইতকৈ বিষাক্ত সাপবিধ ইয়াতেই পোৱা যায় ৷

সাপৰ সাম্ৰাজ্য

এই সাপবিধ ইমানেই বিষাক্ত যে, ই মানুহৰ মাংসলৈকে গলাই দিব পাৰে ৷

এই দ্বীপটোত বৰ্তমানলৈকে ইমানেই ঘটনা সংঘটিত হৈছে যে, ব্ৰাজিল চৰকাৰে দ্বীপটোলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ ব্ৰাজিল চৰকাৰৰ বিশেষ অনুমতিতহে কোনোবাই ইয়ালৈ যাব পাৰিব ৷ অন্যথা এই দ্বীপত মানুহৰ চলাচল একেবাৰে নিষিদ্ধ ৷

লগতে পঢ়কঃসুশান্ত সিঙৰ স্মৃতিত ভূমি পেডনেকাৰে কৰিব এই বিশেষ কাম

ABOUT THE AUTHOR

...view details