নেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ : কেন্দ্ৰীয় ৰাজ্যিক ৰেলৱে' মন্ত্ৰী সুৰেশ অংগডীৰ আজি দেশৰ ৰাজধানী দিল্লীত অন্তোষ্টিক্ৰিয়া সম্পন্ন হ'ব ৷ উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল অংগডীয়ে ৷ ক'ভিড-19 ত মৃত্যু হোৱা বাবে সম্পূৰ্ণ চৰকাৰী প্ৰট'কল অনুসৰি দ্বাৰকা ছেক্টৰ নং 24 ত তেওঁৰ মৃতদেহৰ অন্তিম সংস্কাৰ কৰা হ'ব ৷
অংগডীৰ সম্পৰ্কীয় তথা কৰ্ণাটকৰ উদ্যোগ মন্ত্ৰী জগদীশ ছেল্টাৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব ৷ আনহাতে, বেলাগাবীত বাস কৰা তেওঁৰ জ্যেষ্ঠ ভগ্নী স্পূৰ্তীও দিল্লীলৈ উৰা মাৰিব ৷ জ্যেষ্ঠ ভগ্নীৰ উপস্থিতিৰ পাচতহে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ৷