অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক

বুধবাৰে নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ আৱাসগৃহত অনুষ্ঠিত হৈছে এখন কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈঠক ৷ এই বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা কৰাৰ সম্ভাৱনা আছে ৷

Union Cabinet meeting to be held today
প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক

By

Published : Jul 8, 2020, 12:52 PM IST

নিউজ ডেস্ক,8জুলাইঃ নতুন দিল্লীৰ লোক কল্যাণ পথস্থিত প্ৰধানমন্ত্ৰীৰ আৱাসগৃহত বুধবাৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক ৷ এই বৈঠকত উপস্থিত আছে গৃহ মন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,এচ জয়শংকৰ,স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধন সহিত বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷

ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল ৷ বিগত বৈঠকত কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰিছিল উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰক ৷ ইয়াৰ উপৰিও চৰকাৰে মুদ্ৰা ঋণ আঁচনিৰ জৰিয়তে প্ৰদান কৰা ঋণত সুদৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল ৷

বুধবাৰৰ কেবিনেটতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ EPF আৰু কৃষি ক্ষেত্ৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে লগতে গৰীৱ কল্যাণ অন্ন আঁচনিৰ জৰিয়তে নৱেম্বৰলৈকে অন্ন যোগান প্ৰক্ৰিয়া বাহাল ৰখাৰ সিদ্ধান্তত মোহৰ লগোৱাৰো সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ দিল বেচাৰাই মুক্তিৰ পূৰ্বে ভাঙিলে চুপাৰহিট হলীউড ছবিৰ ৰেকৰ্ড

ABOUT THE AUTHOR

...view details