নেশ্যনেল ডেক্স,16 মেঃ বিগত 12 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 20 লাখ টকাৰ এটি পেকেজ ঘোষণা কৰে । এই পেকেজটোৰ পৰা কিমান পৰিমাণৰ ধনৰাশি দেশৰ কৃষিখণ্ডত বিনিয়োগ কৰা হ'ব এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিস্তৃতভাৱে ব্যক্ত কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।
"ইটিভি ভাৰতৰ জৰিয়তে মই সকলো ৰাজ্যকে ক'ব বিচাৰো যে, চৰকাৰৰ মহত্ব প্ৰকাশ কৃষক আৰু দৰিদ্ৰ এই দুই শ্ৰেণীৰ দ্বাৰাই হয় । বাকী সকলো লোকেই চৰকাৰৰ আইনৰহে অন্তৰ্গত । আগতে যি ডিবিটি(ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ)ৰ তীব্ৰ বিৰোধীতা কৰা হৈছিল, সাম্প্ৰতিক সময়ত ই আটাইতকৈ সফল । ইয়াৰ জৰিয়তে ভ্ৰষ্টাচাৰ আৰু দলালি শেষ হৈ গ'ল । 75 হাজাৰ কোটি টকা কৃষক সকলক কেৱল ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ দ্বাৰাই প্ৰদান কৰা হয় ।" এইবুলি মন্তব্য কৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।
তেখেতে আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰাৰম্ভিক গুৰুত্ব সদায় দেশৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকল তথা কৃষকসকল । যি সময়ত লক ডাউন 1.0 ঘোষণা হৈছিল সেই সময়তেই তেখেতে 1 লাখ 70 হাজাৰ কোটি টকাৰ দৰিদ্ৰ কল্যাণ পেকেজ ঘোষণা কৰিছিল । এইবেলি ঘোষণা কৰা পেকেজটোৰ এক বৃহৎ অংশ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ কৃষিখণ্ডত বিনিয়োগৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।