অসম

assam

ETV Bharat / bharat

হায়দৰাবাদত বিস্ফোৰণঃ এজন নিহত

দেওবাৰে হায়দৰাবাদৰ ৰাজেন্দ্ৰনগৰত সংঘটিত হয় এক অচিনাক্ত বিস্ফোৰণ ৷ পি ভি এক্সপ্ৰেছৱে হাইৱেৰ ৰাজেন্দ্ৰনগৰত সংঘটিত হোৱা বিস্ফোৰণটোত এগৰাকী লোক নিহত হয় ৷ ঘটনাস্থলীত তেলেংগানা আৰক্ষীৰ উচ্চস্তৰীয় দলৰ অনুসন্ধান অব্যাহত ৷

By

Published : Sep 8, 2019, 7:51 PM IST

হায়দৰাবাদত বিস্ফোৰণঃ এজন নিহত

নিউজ ডেস্ক, 8 ছেপ্তেম্বৰঃ দেওবাৰে এক অচিনাক্ত বিস্ফোৰণ সংঘটিত হয় হায়দৰাবাদত ৷ চহৰখনৰ ৰাজেন্দ্ৰনগৰ অঞ্চলৰ পিভি এক্সপ্ৰেছৱেৰ হাইৱেৰ 279 নং পিলাৰৰ সন্মুখত সংঘটিত হয় বিস্ফোৰণটো ৷ বিস্ফোৰণটোৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে কোনো লোক হতাহত হোৱা নাই ৷

হায়দৰাবাদত বিস্ফোৰণঃ এজন নিহত

এজন লোকে এটা অচিনাক্ত বাকচ খুলিবলৈ লওঁতেই সংঘটিত হয় বিস্ফোৰণটো ৷ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও ওচমানিয়া চিকিৎসালয়ত মৃত্যু ঘটে লোকজনৰ ৷ ঘটনাস্থলীত আৰক্ষীৰ উচ্চস্তৰীয় দলৰ লগতে ডগ স্কোৱাড উপস্থিত হৈ তদন্ত অব্য়াহত ৰাখিছে ৷ অৱশ্যে কি কাৰণে বিস্ফোৰণটো সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে ৷ ফৰেনচিক অনুসন্ধানৰ অন্ততহে বিস্ফোৰণৰ প্ৰাৰম্ভিক কাৰণ বাখ্যা কৰিবলৈ সক্ষম হ'ব বুলি হায়দৰাবাদ আৰক্ষীয়ে প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details