অসম

assam

ETV Bharat / bharat

17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE - CMIE

কৰ'ণা ভাইৰাছ সংকট আৰু লক ডাউনৰ ফলাফল হিচাপে তীব্ৰতাৰে কমিছে ভাৰতত কৰ্মচাৰীৰ সংখ্যা । নগৰীয়া ক্ষেত্ৰত সৰ্বাধিক নিবনুৱাৰ সংখ্য 27 শতাংশ হোৱাৰ তুলনাত গ্ৰাম্য অঞ্চলত নিবনুৱাৰ সংখ্যা হৈছে 23 শতাংশ ।

17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE
17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE

By

Published : May 21, 2020, 9:33 AM IST

নিউজ ডেস্ক, 21 মে': 20 এপ্ৰিলৰ পাচত লক ডাউনৰ ক্ষেত্ৰত কিছু পৰিমানে শিঠিলতা দিয়া হৈছিল যদিও নিবনুৱা ক্ষেত্ৰখনত কোনো প্ৰভাৱ নপৰিল আৰু ইয়াৰ হাৰ বৃদ্ধি হৈ গৈ থৈকিল । "চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি"(CMIE) ৰ প্ৰতিবেদন মতে ভাৰতত বিগত সপ্তাহৰ সমাপ্তিত 17 মে'ত নিবনুৱাৰ সংখ্যা 24 শতাংশ আছিল ৷

ইপিনে লক ডাউন বৃদ্ধি কৰাৰ লগতে তাত প্ৰদান কৰা শিথিলতা সমূহে শ্ৰমিকৰ অংশগ্ৰহণত কিছু প্ৰভাৱ পেলাইছে । এপ্ৰিলৰ 26 তাৰিখলৈ শ্ৰমিকৰ অংশগ্ৰহণৰ পৰিমান সৰ্বনিম্ন হৈ 35.4 শতাংশ আছিল । আনহাতে মে'ৰ 3 তাৰিখলৈ ইয়াৰ সংখ্যা বৃদ্ধি হৈ 36.2 শতাংশলৈ বৃদ্ধি হয় । একদৰে তাৰ পৰৱৰ্তী সপ্তাহৰ সমাপ্তিৰ পাচত 10 মে'লৈ 37.6 শতাংশ হয় । ইপিনে, শেহতীয়াকৈ সমাপ্ত হোৱা সপ্তাহৰ 17 মে'ত 38.8 শতাংশলৈ শ্ৰমিকৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি পায় ।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি লক ডাউন প্ৰত্যাহাৰ হোৱাৰ পাচত ভাৰতীয় অৰ্থনীতি পুনৰাম্ভ কৰাটো চৰকাৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হ'ব । অৰ্থনীতি উন্নয়নৰ বাবে হয়তো বহু বছৰৰ প্ৰয়োজন হ'ব পাৰে ।

গ্ৰাম্য আৰু নগৰৰ নিবনুৱা সমস্যা

কৰ'ণা ভাইৰাছ সংকট আৰু লক ডাউনৰ ফলাফল হিচাপে দ্ৰুত হাৰত কমিছে ভাৰতত কৰ্মচাৰীৰ সংখ্যা । ভাৰতৰ নগৰীয়া অঞ্চলত নিবনুৱাৰ সংখ্যা অধিক হৈ 27 শতাংশ হোৱাৰ বিপৰীতে, গ্ৰামাঞ্চলত ইয়াৰ সংখ্যা 23 শতাংশ । একেদৰে গ্ৰাম্য অঞ্চলত শ্ৰমিকৰ অংশগ্ৰহণ 41 শতাংশ হোৱাৰ বিপৰীতে চহৰ অঞ্চলত ইয়াৰ সংখ্যা 34 শতাংশ । চহৰ অঞ্চলত কাৰ্যক্ষম হৈ থকা মাত্ৰ 25 শতাংশ জনসংখ্যাহে কামত নিয়োজিত হৈ আছে । অৱশ্যে গ্ৰামাঞ্চলৰ তুলনাত নগৰ অঞ্চলত কৰ্মচাৰী সকল শিক্ষিত আৰু কৌশলী ।

আনহাতে, CMIE ৰ প্ৰতিবেদনত কোৱা হৈছে যে, চৰকাৰে প্ৰস্তাৱিত মহাত্মা গ্ৰান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োজন নিশ্চিত আঁচনিৰ জৰিয়তে গ্ৰাম্য শ্ৰমিকৰ বাবে ধাৰ্য কৰা অতিৰিক্ত 400 বিলিয়নৰ পুঁজিয়ে বৰ্তমান বৰ্ষটোত এক ভাল ফল দেখুৱাব ।

এই বৰ্ষৰ বাজেটত 615 বিলিয়ন কোটি টকা ধাৰ্য কৰা হৈছিল । ইয়াৰ ফলত 2020-21 বৰ্ষত 3 বিলিয়ন মানুহৰ বাবে দৈনিক ৰোজগাৰ সৃষ্টিৰ আশা কৰা হৈছে । প্ৰতিবেদন খনত উল্লেখ থকা অনুসৰি 2019-20 বৰ্ষত ধাৰ্য কৰা 710 বিলিয়ন টকাৰে 2.65 বিলিয়ন লোকৰ মাজত দৈনিক ৰোজগাৰ সৃষ্টি কৰা হৈছিল ৷ সেয়ে, আঁচনিত অতিৰিক্ত পুঁজি ধাৰ্য কৰাৰ বাবে গ্ৰাম্য ভাৰতত 216 মিলিয়ন লোকলৈ ৰোজগাৰ বৃদ্ধি হৈছিল ।

ABOUT THE AUTHOR

...view details