নিউজ ডেস্ক, 4 আগষ্টঃ 2019 চনৰ 5 আগষ্টত জম্মু কাশ্মীৰৰ পৰিচয় তথা বিশেষ মৰ্যদাক প্ৰত্যাহাৰ কৰি NDA চৰকাৰে দাবী কৰে যে, এই পদক্ষেপৰ পাছতে এই অঞ্চলটোত আৰ্থিক বিকাশ আৰু সমৃদ্ধ হ'ব ৷
যিসকলে অনুচ্ছেদ 370 আৰু 35 A বাতিল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ সমৰ্থন জনাইছিল, এবছৰৰ পাছত সেইসকলেও নিৰাশাজনক পৰিণামৰ বাবে হতাশা ব্যক্ত কৰিছে ৷ মোডী চৰকাৰে যুক্তি দৰ্শাইছিল যে, এই অনুচ্ছেদে জম্মু আৰু কাশ্মীৰৰ অৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷ লগতে লাডাখ আৰু জম্মু কাশ্মীৰক তৎকালীনভাৱে দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰা পদক্ষেপে অঞ্চলটোত শান্তি বাহাল ৰখাত সহায় কৰিব ৷
সদ্যঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত চলিত বিত্তীয় বৰ্ষৰ বাজেট আবন্টনে সকলো স্বচ্ছ কৰি পেলাইছে ৷ 2020-2021 চনৰ মোডী চৰকাৰৰ বাজেটত জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে 30,757 কোটি টকা আবন্টন দিয়াৰ লগতে 5,958 কোটি টকা লাডাখৰ বাবে আবন্টন দিছিল ৷ এই ক্ষেত্ৰত কেবাগৰাকী বিশ্লেষকৰ মত অনুসৰি, কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ বাবে এই আবন্টন অতি ক্ষুদ্ৰ লগতে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এয়া নামমাত্ৰও নহয় ৷ গতিকে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিকাশ তথা অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত অসমৰ্থ কেন্দ্ৰীয় চৰকাৰ ৷ জম্মু অঞ্চলৰ সামগ্ৰিক ধাৰণাটো এনেধৰণৰ যে, উন্নয়নৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বুলি সেই সময়ত চৰকাৰৰ দ্বাৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷
অনুচ্ছেদ 370 আৰু 35 A ফলত এই অঞ্চলটোত আৰ্থিক সংকট বৃদ্ধি পাইছে ৷ বিজেপি চৰকাৰে জম্মুবাসীক কথা দিছিল যে, এই পদক্ষেপে তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব ৷ কিন্তু বৰ্তমান আমি সম্পূৰ্ণ এখন ওলোটা ছবি দেখিবলৈ পাইছো ৷ অঞ্চলটোত নিবনুৱা সমস্যা বৃদ্ধি পাইছে ৷ এটা উজ্জ্বল ভৱিষ্যতৰ সপোন তেওঁলোকৰ বাবে ভ্ৰম হে মাথো ৷ এজন উঠি অহা যুৱক মহিন্দৰ জিৎ সিঙে ই টিভি ভাৰতক দিয়া তথ্য অনুসৰি, যি সময়ত, চৰকাৰে কেৱল বহিৰাগত সকলক স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি আছে, সেই সময়তে জম্মুৰ প্ৰাথমিক বাসিন্দাসকলৰ পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে ৷ পূৰ্ববৰ্তী ৰাজ্যৰ স্থিতি পৰিৱৰ্তন কৰি নিজৰ কথা ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে যিদৰ বিফল হৈছে ইয়াৰ বাবে আঞ্চলিক আৰু স্থানীয় দলসমূহৰ কাৰ্য-কৰ্তাসকলো হিংসাত্মক হৈ পৰিছে ৷
লগতে পঢ়কঃভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত আৰএছএছৰ মুখ্য কাৰ্যালয়