নিউজ ডেস্ক, 4 জুনঃ কৰ'ণা ৰোগীৰ চিকিৎসা সন্দৰ্ভত বুধবাৰে আন এক সতৰ্কবাণী প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ কেৱল অতি জৰুৰীকালীন অৱস্থাত কৰ'ণা ৰোগী সকলক ENT অস্ত্ৰোপচাৰ কৰাবলৈ পৰামৰ্শ প্ৰদান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ COVId 19 ৰোগীৰ ENT অস্ত্ৰোপচাৰ অতি উচ্চ বিপদ সৰবৰাহ প্ৰক্ৰিয়া ৷ সেয়ে অতি জৰুৰীকালীন পৰিস্থিতিত হে কৰ'ণা ৰোগীসকলক উল্লেখিত অপাৰেশ্যন থিয়েটাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ENTৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কেবাটাও পৰামৰ্শৱলী প্ৰদান কৰে ৷
কৰ'ণাত আক্ৰান্ত হোৱাৰ পূৰ্বে কোনো লোকৰ যদি ENT অস্ত্ৰোপ্ৰচাৰ থাকে তেন্তে বিশেষ বিভাগটোৰ চিকিৎসকগৰাকীয়ে এই অস্ত্ৰোপ্ৰচাৰ 14 দিনলৈ স্থগিত ৰাখিব পাৰে অথবা COVID ৰোগীসকলৰ বাবে ৰখা বিশেষ অস্ত্ৰোপ্ৰচাৰ কক্ষত অস্ত্ৰোপ্ৰচাৰ কৰিব পাৰে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে পৰামৰ্শৱলীত উল্লেখ কৰে ৷ কাণ, নাক আৰু ডিঙি অতি উচ্চ বিপদসংকুল সেয়ে ENT বিভাগৰ চিকিৎসক,নাৰ্ছ,সহায়ক,কৰ্মচাৰীসকললৈ কৰ'ণা সংক্ৰমণ কম কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ স্বাস্থ্য মন্ত্ৰণালয়ে এই ক্ষেত্ৰত tele-consultationক প্ৰাধান্য দিয়াৰ লগতে ৰোগীসকল ENT OPDত প্ৰৱেশ কৰাৰ পূৰ্বে স্ক্ৰিণিং কৰোৱাৰ পৰামৰ্শ দিয়ে ৷
লগতে পঢ়কঃজৰ্জ ফ্লোয়েডৰ মৃত্যু: প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল