অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে দিল্লীত MCCৰ অধীনত প্ৰায় 45.16 কোটি টকাৰ সামগ্ৰী জব্দ - দিল্লী বিধানসভা নিৰ্বাচন 2020

2015 বৰ্ষৰ দিল্লী বিধানসভা নিৰ্বাচনত জব্দ কৰা সামগ্ৰীসমূহৰ সামগ্ৰিক মূল্য আছিল 2 কোটি ৷ যাৰ ভিতৰত 42 লাখ টকাৰ নগদ ধন আছিল ৷ 2020 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে MCC ভংগ কৰাৰ বাবে ৰাজহুৱা সম্পত্তিৰ মানহানিৰ গোচৰত এখন এজাহাৰ দাখিল কৰা হয় ৷

Under MCC items worth over Rs. 45 crore seized at Delhi
দিল্লীত MMCৰ অধীনত প্ৰায় 45.16 কোটি টকাৰ সামগ্ৰী জব্দ

By

Published : Feb 1, 2020, 12:05 PM IST

Updated : Feb 1, 2020, 12:17 PM IST

নেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃনতুন দিল্লীত 6 জানুৱাৰীত মডেল কোড অব কন্ডাক্ট(MCC) কাৰ্যক্ষম হোৱাৰে পৰা আইন প্ৰণয়নকাৰী সংস্থাই 30 জানুৱাৰীৰ ভিতৰত প্ৰায় 45.16 কোটি টকাৰ সুৰা, নগদ ধন,মূল্যবান ধাতু আদি জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত 7 কোটি টকাৰ নগদ ধন, 1 কোটিতকৈ অধিক মূল্যৰ সুৰা, 5কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য, 28 কোটিতকৈ অধিক মূল্যৰ মূল্যবান ধাতুৰ লগতে 1.70 কোটি টকাৰ অন্যান্য সামগ্ৰী জাব্দ কৰা হয় বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পায় ৷

2015 বৰ্ষৰ দিল্লী বিধানসভা নিৰ্বাচনত জব্দ কৰা সামগ্ৰীসমূহৰ সামগ্ৰিক মূল্য আছিল 2 কোটি ৷ যাৰ ভিতৰত 42 লাখ টকাৰ নগদ ধন আছিল ৷ 2020 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে MCC ভংগ কৰাৰ বাবে ৰাজহুৱা সম্পত্তিৰ মানহানিৰ গোচৰত এখন এজাহাৰ দাখিল কৰা হয় ৷ ইতিমধ্যে অস্ত্ৰ আইনৰ অধীনত 312 খন এজাহাৰ দাখিল কৰা হৈছে য’ত সৰ্বমুঠ 338 জন লোকক আটক কৰাৰ উপৰিও 160 কিল’গ্ৰাম ওজনৰ নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ জব্দ কৰা হয় ৷ দিল্লী বিধানসভা নিৰ্বাচন চলিত বৰ্ষৰ 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব আৰু ভোটগণনা 11 ফেব্ৰুৱাৰীত সম্পন্ন কৰা হ’ব যি নিৰ্ধাৰণ কৰিব দেশৰ ৰাজধানীক অহা 5 বছৰৰ বাবে কোনে শাসন কৰিব ৷

লগতে পঢ়ক-অসম এৰি গুছি যাব জুবিন গাৰ্গ !

Last Updated : Feb 1, 2020, 12:17 PM IST

ABOUT THE AUTHOR

...view details