নিউজ ডেস্ক, ২০ জুনঃ উত্তৰ প্ৰদেশত সংঘটিত ভয়াৱহ ঘটনা । উত্তৰ প্ৰদেশ এটাহত সংঘটিত হৈছে এই ঘটনা । নিৰ্মাণৰত অৱস্থাত থকা এখন উৰণীয়া সেঁতুৰ এটা অংশ খহি পৰা পৰে । ফলত সমগ্ৰ অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
উত্তৰ প্ৰদেশত খহি পৰিল নিৰ্মীয়মান উৰণীয়া সেঁতু - উত্তৰ প্ৰদেশত খহি পৰিল নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতু
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ এটাহত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা । নিৰ্মাণৰত অৱস্থাত খহি পৰে উৰণীয়া সেঁতুৰ এটা অংশ । ফলত বহু সংখ্যক লোক আহত হোৱাৰ উপৰিও খহি পৰা অংশৰ তলত থকা পথাচাৰী তথা উৰণীয়া সেঁতু নিৰ্মাণকাৰ্যত নিয়োজিত কৰ্মচাৰীকে ধৰি বহু সংখ্যক যান-বাহন থকাৰ আশংকা কৰিছে এৰিয়া ইনচাৰ্জ ড০ দেব আনন্দে ।
![উত্তৰ প্ৰদেশত খহি পৰিল নিৰ্মীয়মান উৰণীয়া সেঁতু উত্তৰ প্ৰদেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7688669-651-7688669-1592578120360.jpg)
উত্তৰ প্ৰদেশত খহি পৰিল নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতু
উত্তৰ প্ৰদেশ
আনহাতে, ভাঙি পৰা অংশৰ তলত উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যত নিয়োজিত হৈ থকা কৰ্মচাৰী তথা পথাচাৰী থকাৰ উপৰিও জেচিবি আৰু অন্য বাহন থকাৰ অনুমান কৰিছে এৰিয়া ইনচাৰ্জ ড০ দেব আনন্দে ।
তাৰোপৰি দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিসকলক উদ্ধাৰ কৰি প্ৰত্যক্ষদৰ্শীৰ সহায়ত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰায় আৰক্ষীয়ে । আনহাতে, দুৰ্ঘটনাটোত নিহত তথা আহত হোৱা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে এৰিয়া ইনচাৰ্জ ড০ দেব আনন্দে ।