অসম

assam

ETV Bharat / bharat

অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা ছাত্ৰীৰ - অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা ছাত্ৰীৰ

সোমবাৰৰ পৰা আৰম্ভ হোৱা অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই গাত কেৰাচিন ধালি আত্মহত্যাৰ পথ বাছি লয় কেৰালাৰ এগৰাকী দশম মান শ্ৰেণীৰ মেধাৱী ছাত্ৰীয়ে । ছাত্ৰী গৰাকীৰ বাসগৃহৰ পৰা ২০০ মিটাৰ নিলগত উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ ।

কেৰালা
অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা ছাত্ৰীৰ

By

Published : Jun 2, 2020, 4:03 PM IST

নিউজ ডেস্ক, ২ জুনঃ অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিবলৈ অসমৰ্থ হোৱা বাবেই সোমবাৰে কেৰালাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লয় বুলি জানিবলৈ দিয়ে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃয়ে ।

কেৰালাৰ মালাপ্পুৰামৰ ৱালনেছেৰী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী গৰাকীৰ ঘৰত থকা দূৰদৰ্শনটো বেয়া হৈ থকাৰ উপৰিও ঘৰত থকা একমাত্ৰ ম'বাইলটো ঘৰত চাৰ্জ দিব পৰা ব্যৱস্থা নাছিল। যাৰ বাবে অনলাইন পাঠগ্ৰহণ কৰিব নোৱাৰিলে ছাত্ৰী গৰাকীয়ে । পঢ়াৰ প্ৰতি ধাউতি থকা ছাত্ৰী গৰাকী হতাশাত ভুগিছিল বুলি জানিবলৈ দিয়ে ছাত্ৰী গৰাকী পিতৃ-মাতৃয়ে ।

অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা ছাত্ৰীৰ

তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী । পিতৃ-মাতৃয়ে বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত ২০০ মিটাৰ নিলগত উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ । গাত কেৰাচিন ধালি জুই জ্বলাই আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে ।

লগতে চাওকঃ নয়দাত নাটকীয় কায়দাৰে গ্ৰেপ্তাৰ "মষ্ট ৱান্টেড" মনু

ABOUT THE AUTHOR

...view details