অসম

assam

ETV Bharat / bharat

অৱশেষত মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা ৰাষ্ট্ৰসংঘৰ - united nation

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা ৰাষ্ট্ৰসংঘৰ ৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত তথা P5+1 দেশসমূহে কৰা বহু আবেদন নিবেদনৰ পাচত অৱশেষত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদান কৰা হ'ল পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰক ৷

অৱশেষত মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী আখ্যা ৰাষ্ট্ৰসংঘৰ

By

Published : May 1, 2019, 8:50 PM IST

নিউজ ডেস্ক, 1 মেঃ ভাৰতলৈ সুখবৰ ৷ পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড মাছুদ আজহাৰক অৱশেষত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ স্বীকৃতি প্ৰদান কৰিলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৷

ৰাষ্ট্ৰসংঘৰ ভাৰতৰ প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে বুধাবাৰে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ৷ মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত দীৰ্ঘদিন ধৰি চীনে বাধা আৰোপ কৰি অহাৰ ফলতেই স্থগিত হৈ আছিল কুখ্যাত সন্ত্ৰাসবাদীজনক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদান কৰা কাৰ্য ৷ 13 মাৰ্চত একেৰাহে চতুৰ্থবাৰলৈ চীনে বাধা আৰোপ কৰিছিল ভাৰত,আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড,ফ্ৰান্স আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰসমূহে যুটীয়াভাৱে মাছুদক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘত উপস্থাপন কৰা প্ৰস্তাৱ ৷ কিন্তু ৰাষ্ট্ৰসংঘৰ 1267নং কমিটিৰ সৈতে চীনে মঙলবাৰে কৰা ৰাজনৈতিক আলোচনাৰ পাচতে মাছুদলৈ প্ৰদান কৰা হয় আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা ৷ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰসাবাদীৰ আখ্যা লাভ কৰাৰ পাচতেই কোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব নোৱাৰিব মাছুদ আজহাৰে ৷ এই নিষেধাজ্ঞাৰ ফলত মাছুদ আজহাৰৰ সকলো সম্পত্তি বাজেয়াপ্ত হোৱাৰ লগতে কোনোধৰণৰ অস্ত্ৰও লগত ৰাখিব নোৱাৰিব মাছুদ আজহাৰে ৷

উল্লেখ্য যে, মাছুদ আজহাৰৰ পৰিকল্পনাৰ পৰিণতি স্বৰূপেই জম্মু-কাশ্মীৰৰ পুলৱামা বিস্ফোৰণত নিহত হৈছিল 40 জনকৈ চিআৰপিএফ জোৱান ৷

ABOUT THE AUTHOR

...view details