অসম

assam

By

Published : Dec 26, 2019, 9:16 PM IST

ETV Bharat / bharat

মালালা য়ুছুফজায়ীক বিশ্বৰ সবাটোকৈ প্ৰখ্যাত কিশোৰী হিচাপে ঘোষণা ৰাষ্ট্ৰসংঘৰ

পাকিস্তানৰ শিক্ষাবিদ আৰু নোবেল বঁটা বিজয়ী মালালা য়ুছুফজায়ীক এই দশকত বিশ্বৰ সবাটোকৈ প্ৰখ্যাত কিশোৰী হিচাপে ঘোষণা ৰাষ্ট্ৰসংঘৰ৷

মালালা য়ুছুফজায়ীক বিশ্বৰ সবাটোকৈ প্ৰখ্যাত কিশোৰী হিচাপে ঘোষণা ৰাষ্ট্ৰসংঘৰ
মালালা য়ুছুফজায়ীক বিশ্বৰ সবাটোকৈ প্ৰখ্যাত কিশোৰী হিচাপে ঘোষণা ৰাষ্ট্ৰসংঘৰ

নিউজ ডেস্ক, 26 ডিচেম্বৰ: 2010ত হাইটিত হোৱা ভয়ানক ভূমিকম্প, 2011 আৰম্ভণীত ছিৰিয়াত হোৱা সংঘৰ্ষ আৰু 2012ত ছোৱালী শিক্ষাৰ হকে মালালাই কৰা কামসমূহৰ বাবেই ৰাষ্ট্ৰসংঘই এই উপাধীৰে সন্মানীত কৰে মালালাক ৷

মালালাই মহিলাৰ শিক্ষাৰ বাবে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেইবাবেই তেওঁক 2014 চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল ৷ নোবেল বঁটা লাভ কৰা পৃথিৱীৰ সবাতোকৈ সৰ্বকনিষ্ঠ মহিলা হিচাপে জিলিকি উঠিল মালালা ৷ তালিবান উগ্ৰপন্থী গোটে গুলিওৱাৰ আগৰ পৰাই তেওঁ ছোৱালীৰ শিক্ষাৰ হকে কাম কৰি আহিছে ৷

2012 চনৰ 9 অক্টোৱৰত এজন তালিবানী বন্দুকধাৰীৰ দ্বাৰা গুলীবৃদ্ধ হৈছিল মালালা ৷ এই ঘটনাই সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছিল এই ঘটনাক ৷ মালালাৰ প্ৰতি সন্মান জনায় 2012 চনৰ মানৱ অধিকাৰ দিৱসৰ দিনা পেৰিছস্থিত UNESCOৰ মুখ্য কাৰ্যালয়ত শিক্ষা গ্ৰহণ প্ৰত্যক গৰাকী কিশোৰীৰ মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হৈছিল ৷

মালালাক হত্যাৰ চেষ্টা কৰা সেই ঘটনাই তেওঁক সমাজ সেৱাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছিল ৷ ছোৱালীৰ মাজত শিক্ষা প্ৰসাৰৰ বাবে 2017 চনত তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাৰ্তাবাহকৰ দ্বায়িত্ব গ্ৰহণ কৰিলে ৷ বিশ্ববিখ্যাত 'VOGUE' আলোচনীৰ শেষৰটো সংখ্যাৰ বেতুপাততো বিশ্বৰ প্ৰখ্যাত কিশোৰী হিচাপে জিলিকে মালালা ৷

উল্লেখ্য যে, বিগত 10 বছৰে এই আলোচনী খনে বিশ্ববিখ্যাত শিক্ষাবিদসকলক নিজৰ বেটুপাতত স্থান দিছে ৷

আৰু পঢ়ক: দশকৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ'ল ভাৰত : বিশ্বৰ ভিন্ন প্ৰান্তত গ্ৰহণৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details