নিউজ ডেস্ক, 2 জানুৱাৰীঃ পঞ্জাৱ নেছনেল বেংকৰ পৰা 2 বিলিয়ন টকা শৰাধ কৰি বৰ্তমান লণ্ডনত কাৰাৰুদ্ধ অৱস্থাত থকা হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে চেষ্টা চলাইছে ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বাবে ৷ বৃহস্পতিবাৰে লণ্ডনৰ এক আদালতে কাৰাৰুদ্ধ ব্যৱসায়ীজনক পুনৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে 30 জানুৱাৰীত পুনৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে ৷ ব্যৱসায়ীজনে বৰ্তমান প্ৰত্যেক 28 দিনৰ অন্তৰত আদালতত হাজিৰ হৈ আছে ৷ তেখেতৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বিষয়টো মে’ মাহৰ 11 তাৰিখে আদালতত উত্থাপন কৰা হ’ব ৷ ন্যায়াধীশ টান ইক্ৰামে বৃহস্পতিবাৰে নীৰৱ মোদীৰ ওপৰত থকা অভিযোগৰ সম্পৰ্কত কিবা বিষয় আলোচনাৰ বাবে ৰৈ গৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কোনো বিষয় বাকী ৰোৱা নাই বুলি মন্তব্য কৰে নীৰৱ মোদীয়ে ৷ সম্প্ৰতি ৱাণ্ডছৱৰ্থ কাৰাগাৰত মাৰ্চৰ পৰা কাৰাৰুদ্ধ হৈ থকা নীৰৱ মোদীয়ে শাৰীৰিক অসুস্থতাৰ দোহাই দি নৱেম্বৰ মাহত জামিনৰ আবেদন জনাইছিল ৷ কিন্তু ন্যায়াধীশ ইম্মা অৰ্বুটনথে ন্যায়ালয়ত মোদীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ প্ৰসংগ উত্থাপন হোৱাৰ আগতেই তেখেতক স্বীকাৰোক্তি দিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে,তেখেতৰ ওপৰত ভাৰত চৰকাৰে উত্থাপন কৰা অভিযোগসমূহ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি যুক্তি দাঙি ধৰে নীৰৱ মোদীয়ে ৷
30 জানুৱাৰীত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ নিৰৱ মোদীক - UK court further remands Nirav Modi to appear on January 30
ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে নীৰৱ মোদীয়ে ৷ মোদীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বিষয়টো মে' মাহৰ 11 তাৰিখে ন্যায়ালয়ত উত্থাপন কৰা হ'ব ৷ উল্লেখযোগ্য যে,তেখেতৰ ওপৰত ভাৰত চৰকাৰে উত্থাপন কৰা অভিযোগসমূহ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি যুক্তি দাঙি ধৰে নীৰৱ মোদীয়ে ৷
ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে নীৰৱ মোদীয়ে