অসম

assam

By

Published : May 30, 2019, 6:17 PM IST

ETV Bharat / bharat

নীৰৱ মোডীৰ ন্যায়িক জিম্মা জুন মাহৰ 27 তাৰিখলৈ বৃদ্ধি

আদালতৰ শুনানিত জুন মাহৰ 27 তাৰিখলৈ বৃদ্ধি কৰা হয়  মোডীৰ ন্যায়িক জিম্মা ৷ উল্লেখ্য যে, 19 মাৰ্চত দক্ষিণ পশ্চিম লণ্ডনত আটক হৈছিল পাঞ্জাৱ নেশ্যনেল বেংকত প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ড সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰা গুজৰাটৰ হীৰা ব্যৱসায়ী নীৰৱ মোডীক ৷

নীৰৱ মোডীৰ ন্যায়িক জিম্মা জুন মাহৰ 27 তাৰিখলৈ বৃদ্ধি

লণ্ডন, ৩০ মে': আজি লণ্ডনৰ এখন আদালতত হাজিৰ কৰোৱা হয় পাঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক । আদালতৰ শুনানিত জুন মাহৰ 27 তাৰিখলৈ বৃদ্ধি কৰা হয় মোডীৰ ন্যায়িক জিম্মা ৷ উল্লেখ্য যে, 19 মাৰ্চত দক্ষিণ পশ্চিম লণ্ডনত আটক হৈছিল পাঞ্জাৱ নেশ্যনেল বেংকত প্ৰায় 13,500 কোটি টকাৰ জালিয়াতি কাণ্ড সংঘটিত কৰি ভাৰতৰ পৰা পলায়ন কৰা গুজৰাটৰ হীৰা ব্যৱসায়ী নীৰৱ মোডীক ৷ 2018 বৰ্ষৰ মে' মাহত নীৰৱ মোডী তথা এই কাণ্ডটোৰ আন এক অভিযুক্ত মেহুল চৌক্সিৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ভাৰতৰ এনফৰ্চমেণ্ট ডিৰেক্টৰেটে৷ ইয়াৰ পাচতে 19 মাৰ্চত লণ্ডনত আটক হৈছিল নীৰৱ মোডীক ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ সোঁত আন্তঃৰাষ্ট্ৰীয় নেতাৰ

ইয়াৰ পূৰ্বে 21 মাৰ্চত আদালতে নাকচ কৰিছিল নীৰৱ মোডীৰ প্ৰথমখন জামিন আবেদন ৷

ABOUT THE AUTHOR

...view details