নিউজ ডেস্ক,১৭জুনঃ লণ্ডনত থকা ইম্পেৰিয়েল কলেজৰ বিজ্ঞানী সকলে এই সপ্তাহতে পুনৰ ক'ৰণা ভাইৰাছৰ ভেকচিন পৰীক্ষামূলক টেষ্ট সম্পন্ন কৰিব।বিজ্ঞানীসকল অন্তম পৰ্যায়ত উপনীত হৈছে বুলি সদৰি কৰে যাৰ জৰিয়তে ক'ৰণা মহামাৰিৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব ।
ইফালে ১২ টাত কৈ অধিক ভেকচিন ১০০০ ৰ ৰোগীৰ ওপৰত প্ৰথম পৰ্যায়ত টেষ্ট কৰা হৈছে । সেই সমূহ ভেকচিনৰ পৰা যে সুফল লাভ কৰিবলৈ সকলোৱে বাট চাই আছে যদিও বছৰৰ শেষৰ ফালে ভাল ফলাফল পোৱাৰ আশা কৰিছে বিজ্ঞানী সকলে। বহু বিজ্ঞানীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে যিহেতু সমগ্ৰ বিশ্বতে ৮ মিলিয়ন লোক আৰু ৪,৩৭,০০০ জন লোকৰ মৃত্যু হৈছে ক'ৰণাৰ বাবে আৰু ইয়াক ৰোধ কৰাৰ এক মাত্র উপায় হৈছে ভেকচিন । তাৰবাবে উঠিপৰি লাগিছে বিজ্ঞানীসকল বছৰৰ অন্তিম সময়ৰ ফালে ভেকচিন প্ৰস্তুতত সফলতা পাম বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে ।