নিউজ ডেস্ক, 18 ডিচেম্বৰঃমঙলবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাই যে 'ইউনিক আইডেনটিফিকেচন অথৰিটি অৱ ইণ্ডিয়াই' বিভিন্ন অনলাইন প্লেটফৰ্ম সমূহ পৰ্যবেক্ষণ কৰিবলৈ এক 'ছ'চিয়েল মিডিয়া এজেন্সি' নিযুক্তি কৰাৰ প্ৰস্তাৱটো স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেন্দ্ৰই শীৰ্ষ ন্যায়ালয়ক জনোৱা অনুসৰি 'ছ'চিয়েল মিডিয়া এজেন্সিৰ' বাবে ইউআইডিআইয়ে জাৰি কৰা প্ৰস্তাৱক তেওঁলোকে অনুমোদন কৰা নাই আৰু এনে ধৰণৰ এজেন্সিৰ বাবে বৰ্তমান তেওঁলোকৰ কোনো পৰিকল্পনা নাই ৷
ইউ আই ডিৰ 'ছ'চিয়েল মিডিয়া এজেন্সি' নিযুক্তি কৰাৰ সিদ্ধান্ত স্থগিত - কে এম জোচেফ
সঞ্জয় কিষন কৌল আৰু কে এম জোচেফৰ বিচাৰপীঠে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ আৱেদনক নাকচ কৰি অভিযোগ কৰে যে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবৰ বাবে 'ছ'চিয়েল মিডিয়া এজেন্সিক' নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

সঞ্জয় কিষন কৌল আৰু কে এম জোচেফৰ বিচাৰপীঠে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাৰ আৱেদনক নাকচ কৰি অভিযোগ কৰে যে চচিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবৰ বাবে 'ছ'চিয়েল মিডিয়া এজেন্সিক' নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ এই অভিযোগৰ ভিত্তিতে শীৰ্ষ ন্যায়ালয়ে টি এম চিৰ প্ৰাক্তন বিধায়িকা মৈত্ৰাক প্ৰশ্ন কৰি 2 সপ্তাহৰ ভিতৰত তেওঁৰ সমৰ্থনত তথ্য বিচাৰে ৷ বিধায়িকা গৰাকীয়ে দাখিল কৰা আৱেদন খনত উল্লেখ কৰা অনুসৰি, ইউআইডিয়ে তেওঁলোকৰ বিদ দস্তাবেজৰ দ্বাৰা এটা 'ছ'চিয়েল মিডিয়া এজেন্সি' নিযুক্তি কৰাৰ প্ৰস্তাৱ কৰিছে যিয়ে ফেচবুক আৰু টুইটাৰৰ দৰে প্লেটফৰ্ম সমূহত আধাৰৰ লগত সম্বন্ধিত কথোপকথনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবৰ বাবে 'অনলাইন ৰেপুটেচন মেনেজমেন্ট' আৰু 'ছ'চিয়েল লিচেনিং টুলচক' নিয়োগ কৰিব ৷ 'ছ'চিয়েল মিডিয়া এজেন্সিয়ে' উক্ত প্লেটফৰ্ম সমূহত বহু চৰ্চিত বিষয়, শীৰ্ষ প্ৰতিৰোধক , শীৰ্ষ প্ৰভাৱশালী আৰু আৰু আধাৰৰ লগত জড়িত তথ্য সমূহৰ ওপৰত এক সাপ্তাহিক আৰু মাহেকীয়া ৰিপ'ৰ্ট তৈয়াৰ কৰিব ৷
লগতে পঢ়ক - শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে