অসম

assam

ETV Bharat / bharat

অভিযোগ নিষ্পত্তি কক্ষ; বিশ্ববিদ্যালয়সমূহলৈ ইউজিচিৰ নিৰ্দেশ - বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব, ৰাজনীশ জৈন

একাডেমিক কেলেণ্ডাৰ আৰু পৰীক্ষাসমূহক লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰী কৰা নিৰ্দেশনাৰ পিচতে, শিক্ষক আৰু শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ বিশ্ববিদ্যালয়সমূূহক এটাকৈ টাস্ক ফৰ্চ গঠন কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে আয়োগে ।

অভিযোগ নিষ্পত্তি কক্ষ
অভিযোগ নিষ্পত্তি কক্ষ

By

Published : May 11, 2020, 8:01 PM IST

নিউজ ডেস্ক, ১১ মে' :বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ সকলো বিশ্ববিদ্যালয়কে শিক্ষাৰ্থী তথা শিক্ষকসকলে সন্মুখীন হোৱা সমস্যাৰ সমাধান কৰিবলৈ একোটা বিশেষ গোট গঠন কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে । কোভিড-১৯ মহামাৰীৰ সময়তে একাডেমিক কেলেণ্ডাৰ আৰু পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল বিশ্ববিদ্যালয় অনুদান আয়োগে । পৰৱৰ্তী সময়ত আয়োগে বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তথা অভিভাৱকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিতে এইদৰে বিশ্ববিদ্যালয়সমূহক একোটাকৈ অভিযোগ নিষ্পত্তি কক্ষ স্থাপন কৰিবলৈ নিৰ্দেশনা জাৰী কৰে । একোটা টাস্ক ফৰ্চ গঠনৰ দ্বাৰা শিক্ষাৰ্থী আৰু শিক্ষকৰ অভিযোগসমূহৰ বিষয়ে বিবেচনা কৰিবলৈ কোৱা হৈছে বিশ্ববিদ্যালয়সমূহক ।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব, ৰাজনীশ জৈনে প্ৰকাশ কৰা অনুসৰি, পূৰ্বৱৰ্তী নিৰ্দেশনাৰ ভিত্তিতে এইদৰে শেহতীয়া নিৰ্দেশনাটো জাৰী কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে তেওঁ লগতে প্ৰকাশ কৰা অনুসৰি, বিশ্ববিদ্যালয় অনুদান আয়োগৰ পূৰ্বৱৰ্তী পৰ্টেলতো শিক্ষাৰ্থীসকলে নিজৰ অভিযোগ দাখিল কৰিব পাৰিব । সকলো দিশ লক্ষ্যত ৰাখি আয়োগে এটা টাস্ক ফৰ্চ গঠন কৰি এই সন্দৰ্ভত সকলো দিশ চোৱাচিতা কৰিব ।

বিগত মাহত আয়োগে ঘোষণা কৰা অনুসৰি, বিশ্ববিদ্যালয়সমূহক শীঘ্ৰেই নতুন শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ কোৱা হৈছিল । কোভিড-১৯ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ১ আগষ্টৰ পৰা শ্ৰেণীসমূহৰ লগতে নতুন একাডেমিক কেলেণ্ডাৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছিল বিশ্ববিদ্যালয়সমূহক ।

ABOUT THE AUTHOR

...view details