অসম

assam

By

Published : Aug 24, 2019, 10:14 PM IST

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীলৈ সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

প্ৰধানমন্ত্ৰী মোদীলৈ সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান " অৰ্ডাৰ অফ জায়েদ " ৷ দুয়োখন দেশৰ দ্বি-পাক্ষিক সম্পৰ্কক গুৰুত্ব দিয়াৰ বাবেই এই সন্মানৰে সন্মানিত কৰা হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷

প্ৰধানমন্ত্ৰী মোদীলৈ সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

নিউজ ডেস্ক, 24 আগষ্ট : ত্ৰিদেশীয় ভ্ৰমণসূচীৰে বিদেশলৈ যোৱা প্ৰধানমন্ত্ৰী মোদী শুকুৰবাৰে উপস্থিত হয় সংযুক্ত আৰৱ ৰাষ্ট্ৰত ৷ প্ৰধানমন্ত্ৰী মোদীলৈ দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ জায়েদৰ সন্মানৰে সন্মানিত কৰা হয় ৷ দুয়োখন দেশৰ দ্বি-পাক্ষিক সমন্ধক গুৰুত্ব দিয়াৰ বাবেই এই সন্মানৰে সন্মানিত কৰা হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷

ইপিনে, এই সন্মান লাভৰ পাচতেই সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ লগতে দেশখনত থকা 33 লাখ ভাৰতীয়লৈ উৰ্চগা কৰে অৰ্ডাৰ অফ জায়েদৰ সন্মান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমাৰ পুটিন, মহাৰাণী কুইন এলিজাবেথ 2, চীনৰ ৰাষ্ট্ৰপতি চী জিংপিঙলৈ প্ৰদান কৰা হৈছে এই সন্মান ৷

ABOUT THE AUTHOR

...view details