নিউজ ডেস্ক, ১২ ডেস্কঃপশ্চিমবংগৰ চৰকাৰে বৃহস্পতিবাৰে নিলম্বন কৰে পূৰ্ব বৰ্ধবান জিলাৰ দুগৰাকী মহিলা শিক্ষকক । এখন ইংৰাজী বৰ্ণমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত বৰ্ণবৈষ্যমৰ সন্দৰ্ভত প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীক ভূল উদাহৰণ দাঙি ধৰি শিক্ষাদান কৰা অভিযোগতে নিলম্বন কৰে শিক্ষক দুগৰাকীক ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বত আমেৰিকা-আফ্ৰিকা জৰ্জ ফ্লয়ড নামৰ এজন ২৫ বছৰীয়া যুৱকৰ মৃত্যুৰ পাচতে আৰম্ভ হয় বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ । এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে শিক্ষক দুগৰাকীয়ে প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীক ক'লা ৰঙৰ ছবি থকা এজন ব্যক্তিক কুৎসিত আৰু বগা ৰঙৰ এগৰাকী মহিলাক ধুনীয়া বুলি পাঠদান কৰাই । যাৰ ফলত অনলাইন যোগে হৈ থকা পাঠদানৰ সময়তে অভিভাৱকে শিক্ষক দুগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । আৰু অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয় শিক্ষক দুগৰাকীক ।