অসম

assam

ETV Bharat / bharat

চলন্ত ৰেলতে সন্তান প্ৰসৱ দুই প্ৰৱাসী শ্ৰমিকৰ

শনিবাৰে ৰে'লত সন্তান প্ৰসৱ কৰে দুগৰাকী প্ৰৱাসী শ্ৰমিকে । লক ডাউনৰ সময়ছোৱাত চৰকাৰে প্ৰৱাসী শ্ৰমিকসকলৰ বাবে আগবঢ়োৱ প্ৰৱাসী ৰে'ল সেৱাত সন্তান প্ৰসৱ কৰে মহিলা দুগৰাকীয়ে ।

প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱা
প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাত সন্তান প্ৰসৱ দুগৰাকী মহিলাৰ

By

Published : May 10, 2020, 7:13 PM IST

নিউজ ডেস্ক, ১০ মে': প্ৰৱাসী শ্ৰমিকৰ বাবে আগবঢ়োৱা বিশেষ ৰে'ল সেৱাত সন্তান প্ৰসৱ দুগৰাকী মহিলাৰ । দুখন বেলেগ বেলেগ প্ৰৱাসী শ্ৰমিক ৰে'লত সন্তান প্ৰসৱ কৰে মহিলা দুগৰাকীয়ে ।

প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাত সন্তান প্ৰসৱ দুগৰাকী মহিলাৰ

প্ৰথম ঘটনাটো সংঘটিত হয় বিহাৰত । শনিবাৰে বিহাৰৰ পৰা প্ৰৱাসী শ্ৰমিকৰ বাবে চলা এখন ৰে'ল আগ্ৰাৰ ফৰ্টো ষ্টেছন পোৱা সময়তে ৰে'লৱেৰ এজন চিকিৎসক আৰু ৰে'ল কৰ্মচাৰীসকলৰ সহায়ত এগৰাকী মহিলাই এটি সন্তান প্ৰসৱ কৰে ।

বিহাৰৰ ছপৰা জিলাৰ মনোহৰপুৰ গাঁৱৰ বাসিন্দা মমতা যাদৱ নামৰ মহিলা গৰাকীয়ে জামনগৰ-মুজাফফৰপুৰ এক্সপ্ৰেছত প্ৰসৱ কৰে সন্তান ।

আনহাতে, দ্বিতীয়টো ঘটনা সংঘটিত হয় আম্বেদকাৰ নগৰলৈ যোৱা অন্য এখন ৰে'লত । সুভদ্ৰা নামৰ ৩০ বছৰীয়া মহিলা গৰাকীয়ে জন্ম দিয়ে এটি সন্তান । আম্বেদকাৰ নগৰৰ পৰা গৃহ চহৰ জলন্ধৰলৈ যোৱা সময়তে প্ৰসৱ কৰে সন্তানটো।

আনহাতে, প্ৰৱাসী শ্ৰমিকৰ ৰে'ল সেৱাত জন্ম গ্ৰহণ কৰা দুয়োটা সন্তানৰ লগতে মাতৃ দুগৰাকী বৰ্তমান সুস্থ বুলি জানিবলৈ দিয়ে ৰে'ল বিভাগে ।

ABOUT THE AUTHOR

...view details