নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰীঃসোমবাৰে পুৱা সংঘটিত হোৱা এনকাউণ্টাৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সফলতা ৷ জানিব পৰা মতে,বহু কেইটা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা দুই অপৰাধীক পুৱা 5 বজাত এনকাউণ্টাৰত মাৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৷ দীৰ্ঘদিন ধৰি দিল্লী আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এই দুই অপৰাধী আছিল ক্ৰমে ৰাজা কুৰেছি আৰু ৰমেশ বাহাদুৰ ৷
দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এনকাউণ্টাৰঃ নিহত দুই দুৰ্ধৰ্ষ অপৰাধী - ৰাজা কুৰেছি আৰু ৰমেশ বাহাদুৰ
বহু কেইটা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা দুই অপৰাধীক দিল্লী পুলিছৰ বিশেষ শাখাই সোমবাৰে পুৱা এনকাউণ্টাৰত মাৰিবলৈ সক্ষম হয় ৷ পুল প্ৰহ্লাদপুৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা ৷

দিল্লী পুলিছ বিশেষ শাখাৰ এনকাউণ্টাৰঃ নিহত দুই দুৰ্ধৰ্ষ অপৰাধী
পুল প্ৰহ্লাদপুৰত দিল্লী পুলিছ বিশেষ শাখাৰ এনকাউণ্টাৰ: নিহত 2
পুৱা সংঘটিত হোৱা এনকাউণ্টাৰত দুয়ো অপৰাধী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ দুয়োকে পিচত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুয়োকে ৷ এই কথা সদৰি কৰে আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী আয়ুক্ত পি.এছ খুছৱাহে ৷ আৰক্ষীৰ মতে,দীৰ্ঘদিনৰ পৰা দুয়ো অপৰাধী বহু কেইটা হত্যা আৰু লুণ্ঠনৰ গোচৰত অভিযুক্ত আছিল ৷