অসম

assam

ETV Bharat / bharat

অসমৰ বাহিৰত দুখন ব্যতিক্ৰমী বিবাহ - assam association bangalore

অসমৰ বাহিৰত দুখন বিশেষ বিবাহ ৷ দেওবাৰে বাংগালোৰ চহৰত দেখা গ'ল দুখন ব্যতিক্ৰমী বিবাহ ৷ এখন যদি দেখা গ'ল অসমীয়া খাদ্য সম্ভাৰ আনখনত আকৌ সম্পূৰ্ণ ৰূপত অসমীয়া ৰীতি-নীতিৰে অনুষ্ঠিত হয় শুভ বিবাহৰ কাৰ্যসূচী ৷

two unique marriage at Bangalore
অসমৰ বাহিৰত দুখন ব্যতিক্ৰমী বিবাহ

By

Published : Feb 18, 2020, 4:03 PM IST

তেজপুৰ, 18 ফেব্ৰুৱাৰীঃদেওবাৰে বাংগালোৰ চহৰত দেখা গ'ল দুখন ব্যতিক্ৰমী বিবাহ ৷ বাংগালোৰ চহৰৰ এটা কান্নাড়া ভাষিক পৰিয়ালৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনাৰ খাদ্যসম্ভাৰত দেখা গ'ল অসমীয়া খাদ্য ৷ অসমৰ পিঠা আপ্যায়ন কৰা হয় বহিৰাগত এই বিশেষ বিবাহখনত ৷ উল্লেখ্য যে, কেইবছৰমান পূৰ্বে কৃষি বিত্তীয় বিশেষজ্ঞ সতীশ চন্দ্ৰ চিন্তামনি অসমলৈ আহিছিল কৰ্মসূত্ৰে ৷ অসম ভ্ৰমণ কৰোতে তেওঁ পিঠাৰ জুতি লৈছিল, সেই তৃপ্তি পাহৰিব নোৱাৰি কন্যাৰ বিয়াত এনেদৰে অতিথিক সকলক পৰিচয় কৰাই দিয়ে অসমীয়া পিঠাৰ সৈতে ৷ দক্ষিণ ভাৰতৰ ৰাইজৰ আগত পিঠা সম্পৰ্কে পৰিচয় কৰাই দিয়াৰ মানসেৰে সতীশ চন্দ্ৰ চিন্তামনিয়ে অসম এছ’চিয়েচন বাংগালোৰৰ প্ৰণৱজ্যোতি বৰাৰ লগত যোগাযোগ কৰি এই পিঠাৰ ব্যৱস্থা কৰে ৷

অসমৰ বাহিৰত দুখন ব্যতিক্ৰমী বিবাহ

ইয়াৰ সমান্তৰালভাৱে, বাংগালোৰতে আয়োজন কৰা হৈছিল আন এখন বিশেষ বিয়া য'ত সম্পূৰ্ণ অসমীয়া নীতি নিয়মৰে সম্পন্ন কৰা হয় বৰ্তমানৰ অসম এছ’চিয়েচন বাংগালোৰৰ সভাপতি দিজেন চন্দ্ৰ বৰকটকীৰ কন্যাৰ শুভ বিবাহ ৷ ঢোল-তাল, বাঁহী বজাই বিহু গীতৰ তালে তালে নাচি বাগি দৰাক পদূলিৰ পৰা বিবাহ মণ্ডপলৈ আদৰি আনে পৰেশ বৰাৰ বিহুৱা দলে ৷ কেইবা বছৰৰ মূৰত বাংগালোৰ চহৰত প্ৰবাসী অসমীয়াৰ লগতে অনা-অসমীয়া সকলেও ঢোলৰ চেৱে চেৱে এপাক কঁকাল ভাঙি নাচিলে ৷ অসমত অসমীয়া ভাষা-সংস্কৃতি বিপদাপন্ন বুলি পৰ্যালোচনা কৰি থকাৰ সময়ত বহিঃৰাজ্যত আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰতিফলিত হোৱা আগ্ৰহ আৰু শ্ৰদ্ধা সঁচাকৈয়ে প্ৰশংসনীয় ৷

লগতে পঢ়কঃমুক্তি পালে তেজছ ছবিৰ নতুন লুক

ABOUT THE AUTHOR

...view details