অসম

assam

ETV Bharat / bharat

কলকাতা পালেহি ক’ৰণা ভাইৰাছ !

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ শৰীৰত সন্দেহজনক ক’ৰণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কে উত্থাপিত সন্দেহ নসাৎ কৰিছে বেলিয়াঘাটা আই ডি হাস্পতাল কৰ্তৃপক্ষই ৷ বেংককৰ পৰা অহা দুগৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ষ্পষ্ট হয় এই কথা ৷ বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ এই কথা সদৰী কৰে পৰিচালন সঞ্চালক কৌশিক ভট্টাচাৰ্যই ৷

Two test negative for coronavirus at Kolkata airport
ক’ৰণা ভাইৰাছৰ সন্দেহ নসাৎ বিমানবন্দৰ কৰ্তৃপক্ষৰ

By

Published : Feb 13, 2020, 9:07 PM IST

পশ্চিমবংগ,13 ফেব্ৰুৱাৰীঃবিশ্বত্ৰাস ক’ৰণা ভাইৰাছৰ আতংক সৰ্বত্ৰে বিৰাজ কৰাৰ পিছত সষ্টম হৈ পৰিছে দেশৰ প্ৰতিটো বিমানবন্দৰ ৷ বৃহস্পতিবাৰে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ শৰীৰত সন্দেহজনক ক’ৰণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কে উত্থাপিত সন্দেহ নসাৎ কৰিছে বেলিয়াঘাটা আই ডি হাস্পতাল কৰ্তৃপক্ষই ৷ বেংককৰ পৰা অহা দুগৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ষ্পষ্ট হয় এই কথা ৷ বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ এই কথা সদৰী কৰে পৰিচালন সঞ্চালক কৌশিক ভট্টাচাৰ্যই ৷ যাত্ৰী দুগৰাকী হিমাদ্ৰী বৰ্মন আৰু নাগেন্দ্ৰ সিং বুলি নতুন দিল্লীৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

ক’ৰণা ভাইৰাছৰ সন্দেহ নসাৎ বিমানবন্দৰ কৰ্তৃপক্ষৰ

ইয়াৰ পূৰ্বে,অনিতা ওৰাৱোন নামৰ অন্য এগৰাকী যাত্ৰীৰ শৰীৰত জ্বৰৰ লক্ষণ দেখি বিমানবন্দৰ কৰ্তৃপক্ষই ডিঙি পৰীক্ষা কৰোৱায় যদিও ভাইৰাছবিধৰ কোনো লক্ষণ দেখা পোৱা নগ’ল ৷ চীনত সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰণা ভাইৰাছৰ প্ৰভাৱে ত্ৰাসিত কৰিছে বৰ্তমান বিশ্বৰ প্ৰতিজন লোকক ৷ ভাৰততো ইয়াৰ বিৰুদ্ধে সতৰ্কতা জাৰি কৰা হৈছে ৷ দেশৰ মুঠ 21 টা বিমানবন্দৰত ক’ৰণা ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে,কলকাতাৰ পৰা চীনলৈ চলা পোনপটীয়া দুখন বিমানৰ যাত্ৰা বাতিল কৰিছে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই ৷ বিগত 6 ফেব্ৰুৱাৰীৰ পৰা আগশাৰীৰ বিমান সেৱা ইণ্ডিগ’ই অস্থায়ীৰূপে বন্ধ কৰিছে চীনলৈ যোৱা বিমানসমূহ ৷ 6 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব কলকাতা-গুৱাঙ্গঝাও বিমান সেৱা ৷ লগতে 7ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব গুৱাঙ্গঝাও-কলকাতা বিমান সেৱা ৷ চীনা পূৰ্বোত্তৰ এয়াৰলাইঞ্চয়েও ক’ৰণা ভাইৰাছৰ বাবে কলকাতা,কুনমিং,গুৱাঙ্গঝাও,হংকং,ছিংগাপুৰ আৰু বেংককলৈ চলা বিমানসমূহৰ উৰণ বন্ধ ৰাখিছে ৷

লগতে চাওকঃচীনত ক’ৰণা ভাইৰাছৰ সংহাৰীৰূপঃ 1,113 জনলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

ABOUT THE AUTHOR

...view details